খেজুৰ: স্বাস্থ্য ৰক্ষাত ইয়াৰ আৱশ্যকতা

0
768
সচৰাচৰ গৰমৰ দিনত উপলব্ধ খেজুৰ এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল৷ খেজুৰ খালে শৰীৰৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰি সৌন্দৰ্য বৃদ্ধি কৰে৷ আমি খাই ভাল পোৱা খেজুৰত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়৷ তাৰ ভিতৰত ভিটামিন A,ভিটামিন B কমপ্লেক্স,ভিটামিন K, কেলচিয়াম, আইৰন আদি অন্যতম৷ দেখাত ক্ষুদ্ৰাকৃতিৰ হ’লেও ই আমাৰ দেহৰ বাবে বিশেষ উপকাৰী গুণ তথা পৰিপক্বসম্পন্ন৷ এতিয়া জানো আহক খেজুৰৰ উপকাৰী গুণসমূহ–

[১] খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকাৰ বাবে হাড় আৰু মাংসপেশী মজবুত কৰি ৰাখে৷ তদুপৰি ইয়াত থকা কেলচিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰখাৰ বাবে বিভিন্ন ক্ষয়জনিত ৰোগ যেনে–Osteoarthritis  বা Osteoporosis-ৰ পৰা হাত সাৰি থাকিব পাৰি৷


[২] খেজুৰত কোনোধৰণৰ কলেষ্টৰেল নাথাকে, সেয়ে খেজুৰ খালে তেজত কলেষ্টৰেল বঢ়াৰ কোনো আকাংক্ষা নাথাকে৷

Have Insomnia, Cough Or Constipation? Have Soaked Dates In Milk Everyday


[৩] তাৰ লগতে খেজুৰত Glucose, Sucrose, Fructose আৰু কাৰ্বহাইড্ৰেট যথেষ্ট পৰিমাণে থাকে৷ যাৰ বাবে খেজুৰ খালে প্ৰচুৰ শক্তি আহৰণ কৰিব পৰা যায়৷ তাৰ বাহিৰেও মধুমেহ ৰোগীৰ বাবে কুঁহিয়াৰৰ পৰা উৎপাদিত কাৰ্বহাইড্ৰেট বা চেনি খোৱাত বাধা থকাৰ হেতুকে শক্তি আহৰণৰ বাবে দিনে ৩/৪টা খেজুৰ খোৱা উচিত৷


[8] প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০.০৯ গ্ৰাম আইৰন থাকে আৰু এই ১০০ গ্ৰাম খেজুৰ দৈনিক খালে শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় ১১ শতাংশ আইৰন লাভ কৰিব পৰা যায়৷

From gut health to fighting diabetes, here are 8 reasons why you should include dates in your diet | Health - Hindustan Times


[৫] যিহেতু খেজুৰত ভিটামিন A থাকে৷ গতিকে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হোৱাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি পায়৷ তদুপৰি খেজুৰত থকা Zeaxanthin নামৰ পদাৰ্থই চকুৰ ৰেটিনা সুস্থ আৰু সবল হৈ থকাত সহায় কৰে৷


[৬] গ্ৰীষ্মৰ ফল হিচাপে খেজুৰে পুৰণি চৰ্দি, কাহ, পানীলগা, শ্বাস-প্ৰশ্বাস ৰোগতো ৰসায়নৰ দৰে কাম কৰে৷

Does eating dates (khajoor) during pregnancy ease labour? - Times of India


[৭] গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো প্ৰয়োজনীয়৷ কিয়নো তাত থকা আইৰন আৰু ভিটামিন K-য়ে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হোৱা তথা প্ৰসৱৰ বেদনা কম কৰাত বহুখিনি লাভান্বিত কৰে৷


[৮] শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু যিকোনো বেমাৰ-আজাৰৰ পৰা বাচি থাকিবলৈ দৈনিক ২/৩টা খেজুৰ খালেও এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here