খাদ্যবস্তুৰ ৰপ্তানি নিষিদ্ধকৰণে আন্তঃৰাষ্ট্ৰীয় দাম বৃদ্ধি কৰিব : আই এম এফ

0
344

আন্তঃৰাষ্ট্ৰীয় বিত্ত নিধি চমুকৈ আই এম এফ-এ কয় যে কিছুমান দেশে খাদ্য আৰু ৰাসায়নিক সাৰৰ ৰপ্তানিত আৰোপ কৰা নিষেধাজ্ঞাত আই এম এফ উদ্বিগ্ন, কাৰণ ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয়ভাৱে দাম বাঢ়িব পাৰে আৰু বজাৰবোৰ অস্থিৰ হ’ব পাৰে৷ ভাৰতে ঘেঁহুৰ ৰপ্তানি প্ৰথমতে নিষিদ্ধ কৰাৰ পাছত কিছু পৰিমাণৰ ঘেঁহু ৰপ্তানিত অনুমতি দিবলৈ ভাৰতে লোৱা সিদ্ধান্তক আই এম এফে প্ৰশংসা কৰে৷ 
আই এম এফৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পৰা প্ৰায় ৩০খন দেশে খাদ্য আৰু ইন্ধনকে ধৰি বহু উপভোক্তা সামগ্ৰীৰ ৰপ্তানি কৰ্তন কৰিছে৷ আই এম এফৰ মুখপাত্ৰ গেৰি ৰাইচে কয় যে খাদ্য আৰু ৰাসায়নিক সাৰৰ ৰপ্তানিত আৰোপ কৰা নিষেধাজ্ঞাবোৰত আমি অতি উদ্বিগ্ন, কাৰণ এনে পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় দাম বৃদ্ধি অধিক কৰিব পাৰে৷
কিন্তু ভাৰতে সেইটো কৰা নাই৷ ঘেঁহুৰ ১৫ানি নিষিদ্ধ কৰাৰ সিদ্ধান্ত পাছত শিথিল কৰাৰ কাৰণে আৰু কিছু পৰিমাণৰ ঘেঁহু ৰপ্তানি কৰিবলৈ অনুমতি দিবলৈ ভাৰতে লোৱা সিদ্ধান্তক ৰাইচে আদৰণি জনায় আৰু আশা প্ৰকাশ কৰে যে কেৱল ভাৰতেই নহয়, বৰং ৰপ্তানি নিষিদ্ধ কৰা সকলো দেশে নিষেধাজ্ঞা শিথিল কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here