কোনে ঘোষণা কৰিলে শিশু বিবাহমুক্ত ভাৰত অভিযান

0
214

উত্তৰ-পূৰ্বাঞ্চলৰ অসমত বিগত দুবছৰত বাল্য বিবাহৰ হাৰ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত এই প্ৰথা প্ৰচলিত হৈ আছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ১৮ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে ২.৬ লাখ বাল্য বিবাহপাশত আবদ্ধ হৈছে৷ যাৰ বাবে বাল্যবিবাহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১৫ খন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰে৷ এই সন্দৰ্ভত শান্তিৰ নোবেল বটাঁ বিজয়ী কৈলাশ সত্যাৰ্থীৰ শিশু ফাউণ্ডেশ্যনে গুৱাহাটীত তেওঁলোকৰ আগন্তুক ‘শিশু বিবাহমুক্ত ভাৰত’ অভিযানৰ কথা ঘোষণা কৰে৷ শিশু সুৰক্ষাৰ ক্ষেত্ৰখনত কাম কৰি থকা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক একত্ৰিত কৰি বাল্য বিবাহমুক্ত ভাৰতৰ সপোন বাস্তৱ কৰিবলৈ অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ আলোচনা-চক্ৰত এই কথা প্ৰকাশ  কৰা হৈছে ৷ 
কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেশ্যনে অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগিতাত এই আলোচনা-চক্ৰখন অনুষ্ঠিত কৰে৷ ভাৰতক বাল্য বিবাহমুক্ত কৰাৰ বাবে সমগ্ৰ দেশজুৰি এক বহনক্ষম অভিযানৰ বাবে শেহতীয়াকৈ কৈলাশ সত্যৰ্থীয়ে আহ্বান জনোৱাৰ পিছতে কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেশ্যনে দেশজোৰা আলোচনা আৰম্ভ কৰে৷ ইয়াৰ উপৰি সমগ্ৰ দেশতে জিলা পৰ্যায়ত শিশু বিবাহ প্ৰতিৰোধ বিষয়া নিযুক্তি আৰু চৰকাৰী বিষয়াসকলক পৰ্যাপ্ত আৰু উপযুক্ত প্ৰশিক্ষণ প্ৰদান তথা অভিভাৱকসকলৰ বাবে সজাগতা সৃষ্টিৰ বিষয়তো গুৰুত্বসহকাৰে আলোচনা কৰা হয়৷  আলোচনা চক্ৰখনত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য-সচিব এন বৰুৱা, আৰ পি এফৰ আই জি প্ৰমোদ কুমাৰ, উমহিলা আৰু শিশু বিভাগৰ উপ-সঞ্চালক  বিনজুমণি দাস, চি ডব্লিউ চিৰ অধ্যক্ষ জিতু দত্ত, এ এছ এল এছ এৰ উপ-সচিব আৰ ব্ৰহ্ম, ডব্লিউ চি ডি-চি আই ডিৰ উপ-সঞ্চালক, গ’ল্ড গ্ল’বেল অৰ্গেনাইজেশ্যন ফৰ লাইফ ডেভেলপমেণ্টৰ প্ৰতিষ্ঠাপক স্মৃতিৰেখা বৰা, ৰাজীৱ শৰ্মা আৰু কে এছ চি এফৰ  পকছ’ৰ কাৰ্যবাহী সঞ্চালক কে চি জৰ্জ উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here