কেঁচা কলে কিদৰে স্বাস্থ্যৰক্ষাত সহায় কৰে ?

0
326

কল এনেকুৱা এবিধ ফল, যাৰ একো এটা অংশই পেলাবলগীয়া নহয়৷ কলৰ গা-গছৰ পৰা আৰম্ভ কৰি পাত, মূল, কাণ্ড, শিপা, ফল, ফুল প্ৰতিটো অংশই আমাৰ বাবে অতি আৱশ্যক৷ ইয়াৰ বাহিৰেও ইয়াৰ ফল কেঁচা বা পকা দুয়োধৰণে খোৱা হয় আৰু আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী৷ কল প্ৰতিটো ঋতুতে পোৱা যায়৷ কেঁচা কলৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷ কেঁচা কলক ওজন হ্ৰাসৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপে গণ্য কৰা হয়৷ কেঁচা কলত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় বাবে শৰীৰৰ বেয়া চৰ্দি কোষ বা অশুদ্ধি পৰিষ্কাৰ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি পটাচিয়াম, মেগনেচিয়াম, ভিটামিন-বি৬, ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায় কেঁচা কলত৷ কেঁচা কল খালে শৰীৰৰ পৰা কি ৰোগ নিৰাময় হয় জানো আহক৷কেঁচা কলত প্ৰচুৰ পৰিমাণে পটেচিয়াম পোৱা যায়৷ ই কিডনীৰ যত্নত অত্যন্ত আৱশ্যক৷ শৰীৰৰ তেজৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত কেঁচা কলে সহায় কৰে৷
হৃদযন্ত্ৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ কেঁচা কল খাব পাৰে৷
গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেঁচা কল খাওক৷
কেঁচা কলত প্ৰচুৰ যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে হজম শক্তি বঢ়োৱাত সহায় কৰে৷
কেঁচা কল খালে বহু সময় ধৰি একো নোখোৱাকৈ থাকিব পাৰি৷ সেয়ে কেঁচা কলে শৰীৰত চৰ্বিৰ পৰিমাণ কমাই ওজন বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here