কৃত্ৰিম প্ৰজননৰ ফলপ্ৰসূতা আৰু উপকাৰিতাৰ বিষয়ে আলোকপাত : ক’ত?

0
522

ৱেষ্ট অসম মিল্ক প্ৰডিউচাৰ্ছ ক’-অপাৰেটিভ ইউনিয়ন লিমিটেড [WAMUL], চমুকৈ পূৰবী ডেইৰী নামেৰে জনপ্ৰিয় অনুষ্ঠানটিৰ উদ্যোগত অসমৰ পাঠশালাৰ নিত্যানন্দ খেলপথাৰত কৃত্ৰিম প্ৰজননৰ ফলপ্ৰসূতা আৰু উপকাৰিতাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে এক মেগা কাফ্‌ শ্বোৰ আয়োজন কৰা হয়৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সমবায় তথা শক্তি মন্ত্ৰী নন্দিতা গোৰ্লোছাৰ উপস্থিতিত, অসম চৰকাৰৰ কৃষি, পশুপালন, পশু চিকিৎসা আৰু দুগ্ধ মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে কাফ্‌ শ্বোটোৰ শুভ উদ্বোধন কৰে৷  এই অনুষ্ঠানত জিলাখনৰ লগতে চুবুৰীয়া অঞ্চলৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰে৷ বিশ্ব বেংকৰ বিত্তীয় সাহায্য ‘APART’ প্ৰকল্পৰ অধীনত WAMUL-ৰ উদ্যোগত আনুষ্ঠানিক গাখীৰ মূল্য শৃংখলৰ অধীনত ৰূপায়ণ কৰা ‘ড’ৰষ্টেপ AI ডেলিভাৰী সেৱা’ৰ জৰিয়তে আৰু প্ৰদান কৰা এন ডি বি বি ডেইৰী চাৰ্ভিছেছে আগবঢ়োৱা কাৰিকৰী সহায়ৰ সহযোগত অসমত কৃত্ৰিম প্ৰজনন (AI)ৰ জৰিয়তে উৎপাদিত হোৱা ১০০টা মাইকী পোৱালি এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল৷ গিৰ, সাহিৱাল আৰু ৰেডসিন্ধী আদি থলুৱা জাতৰ যোগ্যতাসম্পন্ন পোৱালি আৰু থলুৱাজাত আৰু হোলষ্টেইন ফ্ৰিজিয়ান (HF) / জাৰ্চি [JY]ৰ ক্ৰছ- ব্ৰিদ পোৱালি এই কাফ্‌ শ্বোত প্ৰদৰ্শন কৰা হয়৷ HF আৰু JYৰ দৰে বিদেশী জাতৰ কিছুসংখ্যক পোৱালিও এই কাফ্‌ শ্বোত প্ৰদৰ্শন কৰা হৈছিল৷ শ্বোটোত ছাহিৱাল, জাৰ্চি আৰু ৰেডসিন্ধীৰ এফ ৰ মাতৃকো প্ৰদৰ্শন কৰা হয়৷ দুৱাৰডলিতে সকলো সেৱা প্ৰদান কৰিব পৰাকৈ ম’বাইল এ আই টেকনিচিয়ান [এম এ আই টি]ক শিলিগুৰি আৰু জলন্ধৰৰ এন ডি ডি বিৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ দিয়া হয়৷ এই প্ৰকল্পৰ অধীনত, কৃষকসকলৰ মাজত পশুকুলৰ গৰ্ভধাৰণৰ উপযুক্ত সময় কেনেকৈ ধৰা পেলাব পাৰে, তাৰ বাবে সজাগতা সৃষ্টি কৰা হয় আৰু তেওঁলোকে MAIT-সকলক অৱগত কৰাৰ পিছত অভিজ্ঞ দলটোৱে কৃষকৰ চৌহদত উপস্থিত হৈ কৃত্ৰিম প্ৰজনন সম্পন্ন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here