কি আটাৰ ৰুটী খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকিব ?

0
135

ডায়েবেটিছ এনে ৰোগ, যি ৰোগত ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত দৰকাৰী৷ ব্লাড ছুগাৰত অগ্নাশয়ে ইনছুলিন প্ৰস্তুত হোৱা বন্ধ কৰি দিয়ে বা কমি যায়৷ তেতিয়া তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়৷ দীৰ্ঘদিন ধৰি ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকিলে কিডনী, হাওঁফাওঁ
, হূদৰোগ আদি হোৱাৰ সম্ভাৱনা প্ৰবল৷ ডায়েবেটিছ ৰোগীয়ে তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ খোৱাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিব লাগে৷ পুৱা অথবা ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটী খোৱাটো অত্যন্ত জৰুৰী৷ ডায়েবেটিছ  নিয়ন্ত্ৰণত ৰাখিবলৈ ডায়েটত থকা ৰুটীত কাৰ্বহাইড্ৰেট থাকে৷ ডায়েবেটিছ ৰোগীৰ খাদ্য তালিকাত আটা বা ময়দা অন্তৰ্ভুক্ত কৰা উচিত, যাতে প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ফাইবাৰ বা প্ৰয়োজনীয় উপাদান পোৱা যায়৷ ভুচি অপসাৰণৰ পাছত ময়দা নামৰ যি অৱশিষ্ট পোৱা যায়, ছুগাৰ ৰোগীৰ বাবে বিষতুল্য হ’ব পাৰে৷ গমৰ আটাত কাৰ্বহাইড্ৰেট তথা উচ্চ
 গ্লাইছেমিকসূচক পোৱা যায়,, যিয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুতভালে বৃদ্ধি কৰিব পাৰে৷ যিসকলৰ তেজত শৰ্কৰাৰ পৰিমাণ বেছি থাকে, তেওঁলোকে বেচনৰ পৰা তৈয়াৰী ৰুটী খোৱা উচিত৷ এইবিধ গ্লুটেম মুক্ত হোৱা হেতু ইয়াৰ পৰা প্ৰস্তুত কৰা ৰুটীয়ে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে৷ তেজৰ ব্লাড ছুগাৰ বেছি থকাসকলে জোৱাৰৰ তৈয়াৰী ৰুটী খোৱাটো স্বাস্থ্যসন্মত৷ জোৱাৰৰ পৰা প্ৰস্তুত ৰুটীত মেগনেছিয়াম, প্ৰ’টিন, ডায়েটৰি ফাইবাৰ যথেষ্ট পোৱা যায়৷ যিয়ে শৰ্কৰা নিয়ন্ত্ৰণত ৰখা তথা শৰীৰ সুস্থ ৰখাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
ফাইবাৰ সমৃদ্ধ ৰাগি আটাৰ ৰুটী ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷ এই ময়দা দিয়া ৰুটী খালে পেট ভৰি থাকে আৰু শৰীৰৰ ওজন নিয়ন্ত্ৰণ থাকে৷ বিশেষজ্ঞৰ মতামত অনুসৰি প্ৰতিদিনে ৰাতি দুখন ৰুটী খাব লাগে৷ যিসকলৰ তেজৰ শৰ্কৰাৰ মাত্ৰা অধিক থাকে, তেওঁলোকে দৈনিক গড়ে ছয়ৰ পৰা সাতখন ৰুটী খোৱা বাঞ্ছনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here