কিচমিচ আৰু দৈ একেলগে খালে কি হ’ব পাৰে ?

0
322

কিচমিচ আৰু দৈ একেলগে খালে আপোনাৰ শৰীৰত কি ঘটিব সেই কথা নিশ্চয় আপোনাৰ অৱগত নহয়৷ জানো আহক এই দুবিধ খাদ্য একেলগে খালে আমাৰ শৰীৰত কি হয়৷ এটা কথা হয়তো সকালোৱে জানো যে দৈ আৰু কিচমিচ এই দুবিধ নানা পুষ্টিগুণেৰে সমৃদ্ধ৷ কিন্তু এই দুবিধ উপাদান একেলগে খালে ছুপাৰ ফুডত পৰিণত হয়৷ যাৰ ফলত শৰীৰ সুস্থ থকাৰ লগতে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ দৈ আৰু কিচমিচ একেলগে খালে কি উপকাৰ হয়, জানো আহক৷ মহিলাসকলৰ মাহেকীয়াৰ সময়ত কষ্ট বা বিষৰ উপশম পাবলৈ দৈ আৰু কিচমিচ একেলগে খাব পাৰে৷ ইয়াৰ ফলত প্ৰিমেন্সট্ৰুয়েল ছিণ্ড্ৰমৰ মোকাবিলা কৰাত সহায় কৰে৷
বিশেষজ্ঞৰ মতে দৈ আৰু কিচমিচ মিহলাই খালে চুলি সৰা আৰু চুলিৰ ৰুক্ষতা নাইকিয়া কৰে৷
দৈ আৰু কিচমিচৰ প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়৷ যিয়ে হাড় মজবুত কৰাৰ লগতে হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে৷
দৈ আৰু কিচমিচে অপকাৰী বেক্টেৰিয়াক ধবংস কৰি দেহৰ বিকাশত অৰিহণা যোগায়৷
আনহাতে কিচমিচত যথেষ্ট ফাইবাৰ থাকে বাবে হজম প্ৰক্ৰিয়া উন্নত কৰে৷ ইয়াৰ উপৰি দৈয়ে অন্ত্ৰৰ বিভিন্ন সমস্যা নোহোৱা কৰে৷
দৈনিক কিচমিচ আৰু অলপ গৰম গাখীৰৰ সৈতে সেৱন কৰিলে ছালৰ ৰুক্ষতা নোহোৱা হৈ ছালখনক মসৃণতা প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here