কাঠ আলুৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ?

0
298

কাঠ আলু হ’ল যথেষ্ট পুষ্টিৰে ভৰা এবিধ খাদ্য । ই অতি সহজতে পোৱা এবিধ পুষ্টিকৰ খাদ্য । কাঠ আলু বিভিন্ন ধৰণেৰে ৰান্ধি খোৱা হয় । কাঠ আলু মাছ – মাংসৰ সৈতে বনায় বা পিটিকা কৰি খালেও সুস্বাদু হয় । এই কাঠ আলুৰ আছে বহুতো ঔষধি গুণ । ই এবিধ ভিটামিন চিৰে সমৃদ্ধ ফল, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । কাঠ আলু কেলচিয়াম আৰু ফচফৰাছৰ ভাল উৎস । কলেষ্টৰেল আৰু ৰক্তচাপৰ পৰা হাত সাৰিব পাৰি এইবিধ পুষ্টিকৰ খাদ্য খোৱাৰ ফলত । ইয়াত প্ৰচুৰ পৰিমাণে পটেছিয়াম আৰু ছ’ডিয়াম পোৱা যায় । কাঠ আলু খোৱাৰ ফলত ডায়েবেটিছ, কেন্সাৰ , বহুমূত্ৰ ৰোগ, হৃৎপিণ্ড , ৰক্তচাপ আদি ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি । মধ্যমীয়া প্ৰকাৰৰ ১৫০ গ্ৰাম কাঠ আলুত প্ৰায় ২৭ মিলি গ্ৰাম পৰিমাণৰ ভিটামিন-চি পোৱা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here