কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ!

0
703

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ কাৰণে বিশ্ব বিখ্যাত৷ বৰ্তমান গঁড়ৰ লগতে ঢেঁকীয়াপতীয়া বাঘৰ কাৰণতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ 
সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভ ফাইব বিগছৰ কাৰণে জনপ্ৰিয়৷ ফাইব বিগছ অৰ্থাৎ গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, এছীয় ম’হ আৰু দুষ্প্ৰাপ্য দল হৰিণা৷ 
পৃথিৱীৰ এখন ৰাষ্ট্ৰীয় উদ্যানত একেলগে পাঁচটা ডাঙৰ বন্যপ্ৰাণী থকাটো বিৰল৷ যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃতিপ্ৰেমীৰ কাৰণে বিশেষ আকৰ্ষণ হৈ পৰিছে৷ 
শেহতীয়াকৈ দেশৰ ভিতৰত ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্বৰ সৰ্বাধিক এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কাজিৰঙা স্বীকৃতি পোৱাত দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ অধিক বৃদ্ধি পাইছে৷ 
ইণ্ডিয়ান ষ্টেট অব্‌ ফৰেষ্ট ৰিপ’ৰ্ট-২০২১ ৰ তথ্যৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰি দেশৰ প্ৰতিখন টাইগাৰ ৰিজাৰ্ভৰ প্ৰতি ১০০ বৰ্গ কিল’মিটাৰ ব্যাসাৰ্ধ এলেকাত ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্ব প্ৰকাশ কৰিছিল৷ 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত ১৩.০৬ টা বাঘ থকাৰ তথ্যই দেশৰ ভিতৰতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান লাভ কৰিছে৷ 
প্ৰথম স্থানত থাকে কৰবেট টাইগাৰ ৰিজাৰ্ভে৷ ইফালে কৰ্ণাটকৰ নাগৰহোল টাইগাৰ ৰিজাৰ্ভত ১১.৮২টা, ওৰাং টাইগাৰ ৰিজাৰ্ভত ১০.৬২টা আৰু মানাহ টাইগাৰ ৰিজাৰ্ভত ০৩.৩০টা বাঘ থকাৰ তথ্য পোৱা গৈছে৷ 
অন্যহাতে শেহতীয়াকৈ ৰাজ্যখনৰ টাইগাৰ ৰিজাৰ্ভকেইখনত বাঘ গণনা মতে কাজিৰঙাত ১০৪টা, মানাহত ৩১টা, ওৰাঙত ২১টা আৰু নামেৰিত মাত্ৰ ৩টা বাঘ পোৱা গৈছিল ৷ 
ইণ্ডিয়ান ষ্টেট অব্‌ ফৰেষ্ট ৰিপ’ৰ্ট -২০২১ৰ মতে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত বাঘৰ ঘনত্ব সৰ্বাধিক হোৱাৰ কথা প্ৰকাশ পোৱাত দেশ-বিদেশৰ পৰ্যটক কাজিৰঙাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰা দেখা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here