ক’ল ইণ্ডিয়াই কিয় কয়লা আমদানি কৰিব

0
227

কয়লাৰ নাটনিৰ কাৰণে ভাৰতত বিদ্যুৎ কৰ্তনৰ নতুন আশংকাৰ সৃষ্টি হৈছে৷ তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ ব্যৱহাৰৰ বাবে বিশ্বৰ বৃহত্তম কয়লা খনন কোম্পানী চৰকাৰী ক’ল ইণ্ডিয়া লিমিটেডে কয়লা আমদানি কৰিব৷ কেন্দ্ৰীয় শক্তি মন্ত্ৰ্যালয়ৰ এখন চিঠিৰ পৰা এই কথা জানিব পৰা গৈছে৷ 
উল্লেখ্য যে ২০১৫ চনৰ পাছত প্ৰথমবাৰৰ বাবে ক’ল ইণ্ডিয়াই কয়লা আমদানি কৰিব৷ যোৱা এপ্ৰিল মাহত ভাৰতত ছবছৰৰ ভিতৰত আটাইতকৈ বেছি বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছিল কয়লাৰ নাটনিৰ কাৰণে৷ তাৰ পুনৰাবৃত্তি এৰাই চলিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকলে প্ৰচেষ্টা চলাইছে৷ 
শক্তি মন্ত্ৰ্যালয়ে সকলো তাপ বিদ্যুৎ উৎপাদন প্ৰকল্প, কয়লা সচিব আৰু ক’ল ইণ্ডিয়াৰ অধ্যক্ষকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ শক্তি বিভাগৰ সকলো শীৰ্ষ বিষয়ালৈ দিয়া এখন চিঠিত বিদ্যুতৰ চাহিদাৰ সম্ভাব্য বৃদ্ধিৰ বিষয়টো আঙুলিয়াই দিয়ে৷ 
গৰমৰ কাৰণে বিদ্যুতৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু তাৰ বিপৰীতে কয়লাৰ নাটনি হৈছে৷ চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনাৰ্জি এণ্ড ক্লীন এয়াৰে জুলাই আৰু আগষ্টত বিদ্যুতৰ আন এটা সংকটে দেখা দিব বুলি প্ৰকাশ কৰিছে৷ এই দুটা মাহত বিদ্যুতৰ চাহিদা যথেষ্ট বাঢ়িব বুলি ভাৰতৰ কেন্দ্ৰীয় বিদ্যুৎ কতৃৰ্পক্ষয়ো ভৱিষ্যদ্বাণী কৰিছে৷ 
উল্লেখ্য যে শক্তি মন্ত্ৰ্যালয়ৰ এটা অভ্যন্তৰীণ মূল্যায়ন মতে, ভাৰতত জুলাইৰ পৰা ছেপ্টেম্বৰলৈ তিনি মাহত শক্তিৰ চাহিদা এতিয়াতকৈ বৃদ্ধি পাব আৰু তাৰ কাৰণে দেশখনত সেই সময়ছোৱাত কয়লাৰ ব্যাপক নাটনি হোৱাৰ আশংকাই দেখা দিছে৷ সেইটো হ’লে ব্যাপক বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ’ব আৰু পৰিস্থিতি অধিক শোচনীয় হৈ পৰিব৷ জুলাই-ছেপ্টেম্বৰৰ ভিতৰত কয়লাৰ যোগান চাহিদাৰ তুলনাত ৪২.প্ত মিলিয়ন টন কমাৰ সম্ভাৱনা আছে, পূৰ্বতে অনুমান কৰাতকৈ ১৫ শতাংশ বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here