কলৰ বাকলিৰে ছালৰ যতন কেনেকৈ ল’ব ?

0
273


বহু কমসংখ্যক মানুহ আছে, যিয়ে কল ভাল নাপায়৷ কলত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, পটেচিয়াম আৰু অন্য পোষক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ সুষম তথা সুস্বাদু খাদ্যৰ ভিতৰত কল অন্যতম৷ আনকি বিভিন্ন সৌন্দৰ্যচৰ্চাতো কল ব্যৱহাৰ কৰা হয়৷ কিন্তু কল খোৱাৰ পাছত আপুনি বাকলিতো কি কৰে৷ নিশ্চয় পেলাই দিয়ে৷ সেয়েহে কলৰ বাকলিৰ এনে কিছুমান গুণৰ বিষয়ে জানেনে, যি কথা জনাৰ পাছত হয়তো আপুনিও কলৰ বাকলি পেলাই দিবলৈ ইচ্ছা নকৰিব৷
শৰীৰৰ কোনো অংশত মহ-ডাঁহ বা অন্য পতংগই কামুৰিছে, তেন্তে আক্ৰান্ত অংশত কলৰ বাকলি ঘঁহি দিয়ক৷ কলৰ বাকলিত থকা পলিচেকাৰাইডে আক্ৰান্ত অংশ ৰঙা পৰা আৰু উখহি অহা কমায়৷
বয়সৰ চাপ কমাবলৈ সৰু কলৰ বাকলি এটা চকুৰ তলত ৰাখি থওক নাইবা কণীৰ কুহুম এটাত মিশ্ৰণ কৰি পাঁচ মিনিট মুখত লগাই মুখখন ধুই দিয়ক৷ দেখিব ৰিংকল দূৰ হোৱাৰ লগতে আপোনাৰ ছালখনলৈ সতেজতা ঘূৰি আহিছে৷
কলৰ বাকলিৰ ভিতৰত অংশৰে সদায় দুই মিনিটমান দাঁত মাজিলে দাঁতৰ ৰং উজ্জ্বল আৰু বগা হয়৷ ইয়াত থকা চেলিচাইলিক এচিডে দাঁতৰ হালধীয়া পৰা দূৰ কৰে৷
শৰীৰৰ কোনো অংশত যদি বিষ অনুভৱ হৈছে, তেন্তে কলৰ বাকলি আধা ঘণ্টামান বিষ হোৱা ঠাইত লগাব লাগে৷ এনে কৰিলে বিষ উপশম হয়৷ নাইবা কলৰ বাকলিৰ লগত যিকোনো ভেজিটেবল অইলৰ মিশ্ৰণ কৰি লগাব পাৰে৷
ভৰিৰ আৰ্দ্ৰতা ঘূৰাই আনিবলৈ কলৰ বাকলি ভৰিৰ তলুৱাত ৰাখিব লাগে৷ বাকলিটো ওলাই নাযাবলৈ এটা টেপেৰে বাকলিটো বান্ধি মোজা পিন্ধি ৰাতিটো ৰাখিব লাগে৷ পুৱা পৰিষ্কাৰ পানীৰে ধুব লাগে৷ কলৰ বাকলিত থকা এনজাইম, এচিড, এণ্টিঅক্সিডেণ্ট আৰু আন নিউট্ৰিয়েণ্টে ভৰিখন পৰিষ্কাৰ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here