কলাজিৰাৰ এনে কি আছে বিস্ময়কৰ শক্তি ? Let’s know about the energising properties of black cumin

0
502
কলাজিৰা– দেখিবলৈ এটা সৰু দানাৰ দৰে যদিও ইয়াৰ আছে বিস্ময়কৰ শক্তি৷ প্ৰাচীন কালৰ পৰা মানৱ দেহৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক আৰু প্ৰতিৰোধক হিচাপে কলাজিৰা ব্যৱহাৰ হৈ আহিছে৷ কলাজিৰাত ফছফেট, লৌহ, ফচফৰাছ, কাৰ্বহাইড্ৰেট আদিৰ উপৰি বিভিন্ন জীৱাণুনাশক উপাদান পোৱা যায়৷ কলাজিৰাই কেঞ্চাৰ প্ৰতিৰোধক কেৰোটিন আৰু শক্তিশালী হৰমন, প্ৰস্ৰাৱ সংক্ৰান্তীয় বিভিন্ন ৰোগ প্ৰতিৰোধকাৰী উপাদান, পাচক এনজাইম আৰু অম্লনাশক উপাদানৰ লগতে অম্লৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে৷

(১) মূৰৰ বিষ হ’লে তেলৰ সৈতে কলাজিৰা মিহলাই মূৰ মালিচ কৰিলে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি৷


(২) কলাজিৰাৰ গুড়ি, অলিভ অইল আৰু বিশুদ্ধ মৌ মিহলাই পুৱা এচামুচকৈ খালে যৌনশক্তি বৃদ্ধি হয় আৰু যৌন দুৰ্বলতাৰ পৰা সকাহ পোৱা যায়৷


(৩) প্ৰথমে নেমুৰ ৰস চুলিত লগাই ১৫ মিনিটমান ৰাখি ছেম্পুৰে ভালদৰে ধুই ল’ব৷ তাৰ পাছত চুলিখিনি ভালদৰে শুকাই লৈ কলাজিৰাৰ তেলেৰে শুকোৱা চুলিখিনি মালিচ কৰিলে এপ্তাহৰ ভিতৰতে চুলি পকা বন্ধ হ’ব৷

How To Use Black Seed Oil (Kalonji) For Hair Growth And Baldness


(8) কফজনিত বা হাঁপানি ৰোগীয়ে কলাজিৰাৰ তেলেৰে বুকু আৰু পিঠি মালিচ কৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়৷


(৫) মৌৰ সৈতে কলাজিৰা মিহলাই খালে স্মৃতিশক্তি বৃদ্ধি পায় লগতে কুহুমীয়া পানীত কলাজিৰা মিহলাই খালে এজমা ৰোগৰ পৰা হাত সাৰিব পাৰি৷

Black Seed Oil Benefits: For Health


(৬) কলাজিৰাৰ গুড়ি ডালিমৰ লগত মিহলাই খালে ডায়েবেটিছৰ কাৰণে উপকাৰী৷


(৭) চাহৰ সৈতে কলাজিৰা মিহলাই সেৱন কৰিলে হৃদৰোগৰ বাবে অতি উত্তম৷ ইয়াৰ লগতে এই মিশ্ৰণে শৰীৰৰ মেদবহুলতাৰ সমস্যাও নাইকিয়া কৰে৷

Flour Nigella Sativa In A Spoon, Black Cumin Seeds In A Bowl And Oil In Gravy Boat On Burlap, Sprigs Of Kalingi With Blue Flowers And Leaves On Wooden Board Background Stock


(৮) ৰাতি শোৱাৰ সময়ত কলাজিৰাৰ তেলেৰে চকু মালিচ কৰিলে চকুৰ বিভিন্ন সমস্যা নিৰ্মূল হয়৷


(৯) গৰম পানীৰ লগত বা চাহ খাওঁতে তাত অলপ কলাজিৰা মিহলাই সেৱন কৰিলে ৰক্তচাপ স্বাভাৱিক অৱস্থাত থাকে৷


(১০) একাপ গাখীৰত কলাজিৰা অলপ লৈ দৈনিক সেৱন কৰিলে এচিডিটি, বদহজম আদি সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷

Live Chennai: Some unbelievable health benefits of consuming kalonji milk!!,kalonji milk!, Some unbelievable health benefits of consuming kalonji milk!!

LEAVE A REPLY

Please enter your comment!
Please enter your name here