ক’ভেক্সিন, ক’ৰ্বিভেক্সলৈ ডি চি জি আইৰ অনুমোদন

0
412

ভাৰতৰ ঔষধ মহা নিয়ন্ত্ৰক চমুকৈ ড চি জি আই-এ বায়’লজিকেল ইৰ ক’ভিড-১৯ ভেক্‌চিন ক’ৰ্বিভেক্সক ৬-১২ বছৰীয়া শিশু আৰু ভাৰত বায়’টেকৰ ক’ভিড-১৯ ভেকচিন ক’ভেক্সিনক ৬-১২ বছৰীয়া শিশুৰ জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে৷ 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাৱিয়াই এই কথা জনায়৷ ডি চি জি আয়ে ক’ভেক্সিনৰ ভেক্‌চিন প্ৰস্তুতকৰ্তাক প্ৰথম দুমাহৰ বাবে প্ৰতিটো পষেকত প্ৰতিকূল ঘটনাকে ধৰি সুৰক্ষাৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ দুমাহৰ পাছত ৫ মাহৰ বাবে মাহেকীয়াকৈ তথ্য দাখিল কৰিবলৈ ভাৰত বায়’টেকক কোৱা হৈছে৷ 
২০২১ চনৰ ২৪ ডিচেম্বৰত ১২-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে ক’ভেক্সিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱা হৈছিল৷  বৰ্তমান ক’ৰ্বিভেক্স ১২-১৮ বছৰীয়া কিশোৰ-কিশোৰীক দি থকা হৈছে৷ ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ মাজত এই বছৰৰ ৩ জানুৱাৰীৰ পৰা ক’ভিড-১৯ৰ ভেক্‌চিন দিয়া হৈছে৷ যোৱা মাহত ভেক্‌চিন অভিযান ১২ বছৰৰ ওপৰৰ শিশুলৈও বৃদ্ধি কৰা হ’ল৷ ইয়াৰ উপৰি জায়ডাছ কেডিলাৰ ভেক্‌চিন জায়ক’ভ ডিকো ১২ বছৰৰ ওপৰৰসকলৰ বাবে অনুমোদন জনোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here