ক’ভিড হোৱাৰ আগন্তুক ৩০ দিনৰ ভিতৰত হোৱা মৃত্যুক ক’ভিডত মৃত্যু বুলি ধৰা হ’বনে ? Can a person be considered to have died of Covid if his/her death occurs within 30 days of testing positive?

0
307
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে যে ক’ভিড-১৯ত হোৱা মৃত্যুৰ আনুষ্ঠানিক নথি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR-এ যুটীয়াভাৱে নতুন নিৰ্দেশাৱলী জাৰি কৰিছে৷ এই নিৰ্দেশাৱলীৰ মতে ক’ভিড-১৯ৰ সংক্ৰমণ হোৱা বুলি পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হোৱাৰ দিনাৰ পৰা ৩০ দিনৰ ভিতৰত হোৱা মৃত্যুক ‘ক’ভিড-১৯ত মৃত্যু হোৱা বুলি ধৰা হ’ব’, আনকি ৰোগীজন চিকিৎসালয়ৰ বাহিৰত বা ৰোগী থোৱাৰ সুবিধা থকা প্ৰতিষ্ঠানতে হওক৷ ইয়াৰ উপৰি চিকিৎসালয় বা ৰোগী থোৱাৰ সুবিধা থকা প্ৰতিষ্ঠানত এজন ক’ভিড ৰোগী যদি ৩০ দিনতকৈ বেছি সময় থাকে আৰু পাছত তাতে তেওঁৰ মৃত্যু হয়, তেনে মৃত্যুকো ক’ভিডত মৃত্যু হোৱা বুলিয়েই ধৰা হ’ব৷ আনহাতে বিহ খোৱা, আত্মহত্যা, হত্যা, দুৰ্ঘটনা ইত্যাদিত মৃত্যু হ’লে ক’ভিডত মৃত্যু হোৱা বুলি ধৰা নহ’ব, আনকি ক’ভিড থাকিলেও৷ মৃত্যুৰ কাৰণৰ মেডিকেল প্ৰমাণ-পত্ৰত পৰিয়াল সন্তুষ্ট  নোহোৱা আৰু উল্লেখ কৰা শ্ৰেণীত নপৰা মৃত্যুৰ ক্ষেত্ৰত সিদ্ধান্তৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন কৰা হ’ব৷ সমিতিয়ে পৰীক্ষা কৰিব আৰু ব্যৱস্থাৰ প্ৰস্তাৱ দিব৷ আনহাতে RTPCR, মলিকুলাৰ টেষ্ট, ৰেপিড এণ্টিজেন টেষ্ট বা চিকিৎসালয়ত ক্লিনিকেল পদ্ধতিৰে ধৰা পৰিলেহে ক’ভিড বুলি মানি লোৱা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here