ক’ভিডৰ দুয়োপালি ভেক্‌চিন লোৱা লোকৰ মৃত্যুৰ আশংকা ১১ গুণ কম:CDC (People vaccinated with both doses of Covid vaccine have 11 times less chance of dying)

0
907
অতি সংক্ৰমণীয় Delta অতি গতানুগতিক হৈ পৰাৰ পাছত দেখা গৈছে ভেক্‌চিন নোলোৱা লোকতকৈ দুয়োপালি ভেক্‌চিন লোৱা লোকৰ মৃত্যুৰ শংকা ১১ গুণ কম আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা ১০ গুণ কম৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে এই কথা জনাইছে৷ আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ চমুকৈ CDC কেন্দ্ৰই প্ৰকাশ কৰা তিনিখন গৱেষণা পত্ৰৰ এখনৰ পৰা এই কথা জানিব পৰা গৈছে৷ গুৰুতৰ পৰিণামৰ বিৰুদ্ধে ক’ভিড ভেক্‌চিনৰ ফলপ্ৰসূতাৰ কথাত তিনিখন গৱেষণা পত্ৰই জোৰ দিছে৷ আনহাতে CDC তথা¸ খাদ্য আৰু ঔষধ প্ৰশাসন চমুকৈ FDA-এ ‘বুষ্টাৰ শ্বট’ৰ প্ৰযোজনীয়তাৰ বিষয়ে মূল্যায়ন কৰি আছে৷ জ’ বাইডেন চৰকাৰে এই মাহৰ শেষৰফালে ইয়াৰ শুভাৰম্ভ কৰিলে বয়সীয়ালসকলে প্ৰথমতে বুষ্টাৰ শ্বট লাভ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here