ক’ভিডত মৃত পৰিয়ালক ১০ দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়ক : উচ্চতম ন্যায়ালয়

0
675

ক’ভিড-১৯ত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলক ক্ষতিপূৰণ দিয়াত সহায় কৰিবৰ বাবে ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ (এছ এল এছ এ) সদস্য সচিবৰ সৈতে সমন্বয় কৰিবলৈ নডেল অফিচাৰ নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশ দিয়ে৷ ন্যায়াধীশদ্বয় এম আৰ শ্বাহ আৰু বি ভি নাগৰত্নক লৈ গঠিত এখন পীঠে লগতে সংশ্লিষ্ট এছ এল এছ এ-ক নাম, ঠিকনা আৰু মৃত্যুৰ প্ৰমাণ-পত্ৰৰ দৰে সকলো নথি-পত্ৰ দিবলৈ আৰু লগতে অনাথসকলৰ সম্পূৰ্ণ বিৱৰণ এসপ্তাহৰ ভিতৰত দিবলৈও ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে৷ পীঠখনে কয় যে ক’ভিড মৃত্যু হোৱা পৰিয়ালৰ ক্ষতিপূৰণ দাবী কৰি দাখিল কৰা আৱেদন পোৱাৰ পৰা সৰ্বাধিক ১০ দিনৰ ভিতৰত পৰিয়ালসমূহক ক্ষতিপূৰণ আদায় দিবৰ বাবে ৰাজ্যসমূহে সকলো প্ৰচেষ্টা চলোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here