ক’ত ১১ হাজাৰৰো অধিক শিশু নিহত অথবা ঘুণীয়া হৈছে ?

0
648

প্ৰায় ৯বছৰৰ আগতে য়েমেনত গৃহযুদ্ধ বৃদ্ধি হোৱাৰ পৰা দেশখনত ১১ হাজাৰৰো অধিক শিশু নিহত বা ঘুণীয়া হৈছে৷ ৰাষ্ট্ৰসংঘই এই কথা কয়৷ বিশ্বৰ আটাইতকৈ শোচনীয় মানৱীয় সংকটটোত হোৱা হতাহতৰ বিষয়ে ইউনিচেফে কয়, ‘এই বিবাদত মৃতকৰ প্ৰকৃত সংখ্যা বহু বেছি হোৱাৰ সম্ভাৱনা আছে৷’ ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক কেথেৰিন ৰাছেলে কয়, ‘হাজাৰ হাজাৰ শিশুৰ প্ৰাণ হানি হ’ল, প্ৰতিৰোধক্ষম ৰোগ বা ক্ষুধাৰ কাৰণে আন হাজাৰ হাজাৰ শিশুৰ মৃত্যু হোৱাৰ আশংকা আছে৷’ তেওঁ কয় যে য়েমেনৰ প্ৰায় ২২ লাখ শিশু অতি পুষ্টিহীনতাত ভুগিছে, তেওঁলোকৰ ভিতৰত চাৰি ভাগৰ এভাগৰ বয়স পাঁচ বছৰৰ তলত আৰু অধিকাংশৰ কলেৰা, সৰু আই আৰু ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা ৰোগত মৃত্যু হোৱাৰ আশংকা আছে৷ উল্লেখ্য যে ২০১৪ চনৰ পৰা য়েমেনত গৃহযুদ্ধ চলি আছে৷ সেইবছৰেই ইৰানৰ সমৰ্থনপুষ্ট হথি বিদ্ৰোহীবোৰে ৰাজধানী ছানা অধিকাৰ কৰে৷ পাছৰ বছৰ ছৌডি আৰবৰ নেতৃত্বৰ বাহিনীবোৰে হস্তক্ষেপ কৰে আৰু চৰকাৰক সহায় কৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here