ক’ত হ’ব উত্তৰ-পূৰ্বাঞ্চল স্ত্ৰী, প্ৰসূতি ৰোগৰ চিকিৎসকৰ সমাৰোহ

0
492

উত্তৰ-পূৰ্বাঞ্চলৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ চিকিৎসকসকল একত্ৰিত হৈ নতুন নতুন চিকিৎসা পদ্ধতি সম্পৰ্কে আলোচনা কৰি এক জনসজাগতা সৃষ্টিৰ লগতে চিকিৎসকসকলৰ মাজত এক সমন্বয় গঢ়ি তোলাৰ মহৎ উদ্দেশ্যৰে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ চিকিৎসকসকলৰ সমাৰোহ অনুষ্ঠিত কৰি আহিছে৷ এইবাৰ ৩১ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল স্ত্ৰী আৰু প্ৰসূতি ৰোগ ছ’চাইটিৰ সমাৰোহখন অহা ২ ৰপৰা চ্ছ্ৰ ডিচেম্বৰলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব৷ যোৰহাট স্ত্ৰী আৰু প্ৰসূতি ৰোগ ছ’চাইটি আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলভিত্তিক সমাৰোহখনত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰৰ ৩০০গৰাকী প্ৰসূতি ৰোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব৷ 
যোৰহাট প্ৰেছ ক্লাবত উদ্‌যাপন সমিতিয়ে আয়োজন কৰা সংবাদমেলত উদ্‌যাপন সমিতিৰ সভাপতি ডাঃ অমল ফুকন, সম্পাদিকা ডাঃ প্ৰণৱিকা মহন্ত গোস্বামী আৰু মহাবিদ্যালয়খনৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ সহযোগী অধ্যাপক ডাঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সমাৰোহখনৰ সম্পৰ্কে সদৰী কৰে৷ তেওঁলোকে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ স্ত্ৰীৰোগ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিবলগীয়া সমাৰোহখনত অত্যাধুনিক যন্ত্ৰ-পাতিৰে অস্ত্ৰোপচাৰ আৰু আল্ট্ৰা
ছাউণ্ডৰ বিশেষ কৰ্মশালাৰ আয়োজন কৰিছে৷ এই কৰ্মশালাত ব্যৱহাৰ হ’ব লগা উন্নত প্ৰযুক্তিসম্পন্ন আহিলা দেশৰ ভিন্ন প্ৰান্তৰৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হ’ব৷ ইয়াৰ জৰিয়তে সুস্পষ্টকৈ সুবিধাজনকভাৱে অস্ত্ৰোপচাৰ কৰিব পৰা হ’ব৷ অস্ত্ৰোপচাৰৰ কৰ্মশালাত অস্ত্ৰোপচাৰ কৰিবলগীয়া স্থানীয় ৰোগীসকলে অস্ত্ৰোপচাৰ কৰিব পাৰিব৷ এই ৰোগীসকলৰ মাচুল বিনামূলীয়া হ’ব৷ উচ্ছ প্ৰযুক্তিৰ লেপাৰেস্কোপৰ দ্বাৰা এই অস্ত্ৰোপচাৰ সম্পন্ন হ’ব৷ আনহাতে, আŒট্ৰা ছাউণ্ডৰ কৰ্মশালাত উচ্ছ ক্ষমতাসম্পন্ন আŒট্ৰা ছাউণ্ড মেচিনেৰে ৰোগীৰ পৰীক্ষা কৰিব আৰু স্থানীয় চিকিৎসকসকলকো প্ৰশিক্ষণ দিয়া হ’ব৷ সংবাদমেলত সদৰী কৰা অনুসৰি, সমাৰোহখনত উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত উচ্ছ শিক্ষাত কৰ্মৰত প্ৰায় ৫০গৰাকী স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ গৱেষণামূলক অধ্যয়নৰ বিষয়ে উপস্থাপন কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here