ক’ত পোৱা গ’ল চাৰি প্ৰজাতিৰডাইন’ছৰৰ জীৱাশ্মৰ সন্ধান

0
109


চিলি বিশ্ববিদ্যালয় আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে যৌথভাৱে চলোৱা এক অধ্যয়নত লেটিন আমেৰিকাৰ ৰাষ্ট্ৰ চিলিত পেটাগনিয়াৰ এক পৰিত্যক্ত উপত্যকাত ডাইন’ছৰৰ জীৱাশ্মৰ সন্ধান লাভ কৰিছে৷ মেগাৰাপ্টৰসহ চাৰি প্ৰজাতিৰ ডাইন’ছৰৰ জীৱাশ্মৰ সন্ধান পোৱাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এই জীৱাশ্মবোৰ আৰ্জেণ্টিনা সীমান্তৰ সমীপৰ লাছ চিনাছ উপত্যকাৰ ছেৰো গুইডোত পোৱা গৈছে৷ সন্ধান লাভ কৰা ডাইন’ছৰৰ জীৱাশ্মবোৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে৷ ইতিমধ্যে বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে উক্ত উদ্ধাৰ হোৱা ডাইন’ছৰৰ জীৱাশ্মবোৰ বিলুপ্ত হোৱা চাৰি প্ৰজাতিৰ ডাইন’ছৰৰ৷ উল্লেখ্য যে এই মেগাৰাপ্টৰ প্ৰজাতিৰ ডাইন’ছৰ আছিল মাংসহাৰী৷ এই প্ৰজাতিৰ ডাইন’ছৰবোৰ ৬৬০-৭৫০ লাখ বছৰ পূৰ্বে পৃথিৱীত অস্তিত্ব আছিল৷ অৰ্থাৎ ক্ৰিটেছিয়াম যুগত এই ডাইন’ছৰৰ অস্বিত্ব আছিল বুলি পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here