ক’ত আৰু কোনে আৱিষ্কাৰকৰিলে নতুনকৈ এবিধ মৌ মাখি

0
695


মৌ মাখিৰ দুই এক প্ৰজাতি আমি সকলোৱে দেখিছোঁহক৷ কিন্তু আমি দেখা মৌ মাখিৰ আৰু কেইবাটাও প্ৰজাতি আছে, যিবোৰ আমি কাহানিও প্ৰত্যক্ষ কৰা নাই৷ অলপতে মৌ মাখিৰ এবিধ প্ৰজাতি আৱিষ্কাৰ হয়৷ অৰুণাচল প্ৰদেশৰ টাৱাঙত আৱিষ্কাৰ হয় এই নতুন মৌ মাখিৰ প্ৰজাতিটো৷ জনা মতে টাৱাঙত নতুনকৈ প্ৰত্যক্ষ কৰা মৌ মাখিটো ভাৰত আৰু চীন দুয়োখন দেশতে বিচৰণ কৰে৷ এই নতুন প্ৰজাতিৰ মৌ মাখিটো আৱিষ্কাৰ কৰিছে ছাউডাৰ্ন ৰিজিঅ’নেল চেণ্টাৰ অব জুলজিকেল ছাৰ্ভেৰ এটা বিজ্ঞানীৰ দলে৷ বিজ্ঞানীৰ দলটোৱে উদ্ধাৰ হোৱা মৌ মাখিটোৰ নাম ৰাখিছে চেৰাটিনা টাৱাঙেনছিছ৷ সাধাৰণতে এই মৌ মাখিটো সাধাৰণ মৌ মাখিতকৈ অলপ ডাঙৰ আকৃতিৰ৷ এই মৌ মাখিটোৰ শৰীৰৰ দৈৰ্ঘ্য প্ৰায় ১০ মিলিমিটাৰ হ’ব বুলি বিজ্ঞানীৰ দলটোৱে জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here