কণী ফ্ৰীজত সংৰক্ষণ কৰাটো উচিতনে?

0
730
কণী মানৱ দেহৰ প্ৰয়োজনীয় প্ৰ’টিন আৰু অন্যান্য পুষ্টিগুণেৰে ভৰপূৰ। আন প্ৰ’টিনযুক্ত খাদ্যৰ তুলনাত কণীৰ সহজলভ্যতা আৰু কম খৰচত পোৱা হেতু সকলো শ্ৰেণীৰ লোকৰ খাদ্য তালিকাত কণী থাকেই৷ বজাৰৰ পৰা কিনি অনা কণী আমি ফ্ৰীজৰ বহুদিনলৈ সংৰক্ষণ কৰি ৰাখো৷ কিন্তু এইদৰে বহুদিনলৈ ফ্ৰীজত কণী সংৰক্ষণ কৰি ৰখাটো স্বাস্থ্যৰ পক্ষে উচিতনে?– সেই বিষয়ে বিশেষজ্ঞসকলে কি কয় জানো আহক৷

পুষ্টি বিশেষজ্ঞৰ মতে কেঁচা কণী ফ্ৰীজত সংৰক্ষণ কৰি ৰখাটো মুঠেও উচিত নহয়৷ জানিব পৰা মতে অন্য পাচলিৰ সৈতে কণী ফ্ৰীজত একেলগে ৰাখিলে কণীৰ স্বাভাৱিক সোৱাদ আৰু গোন্ধ নোহোৱা হয়৷ ইয়াৰ উপৰি ফ্ৰীজত কণী ৰাখিলে স্বাভাৱিক তাপমাত্ৰাত ৰখা কণীতকৈ কমকৈ সিদ্ধ হয়৷

সাধাৰণতে এটা কণীত প্ৰায় ৬.৩ গ্ৰাম প্ৰ’টিন থাকে৷ যিয়ে শৰীৰৰ মাংসপেশী আৰু টিছু শক্তিশালী কৰাৰ কাৰণে যথেষ্ট ৷ আনহাতে ভাল কলেষ্টৰেলৰ বাবে এইচ ডি এলৰ মাত্ৰা বঢ়োৱাত কণীয়ে সহায় কৰে৷ প্ৰাকৃতিক ভিটামিন-ডিৰ ভাল উৎস কণী৷ সেয়েহে কণীৰ এই পুষ্টিগুণসমূহ অক্ষুণ্ণ থাকিবলৈ ফ্ৰীজত সংৰক্ষণ নকৰাই ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here