কণীৰ সৈতে কল স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি?

0
869

পুৱাৰ ব্ৰেকফাষ্টত কণীৰ সৈতে কল খোৱাটো প্ৰায়ভাগ লোকৰে এটা অভ্যাস৷ এনেধৰণৰ সংমিশ্ৰিত খাদ্য স্বাস্থ্যকৰ হিচাপে পৰিচিত হয়৷ বহুতৰে এটা ধাৰণা আছে যে কণী আৰু কল একেলগে খালে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ বিশেষকৈ ছ’চিয়েল মিডিয়াত কণী আৰু কল একেলগে খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ বাতৰি প্ৰকাশিত হোৱাত বহুতেই এতিয়া এই দুবিধ প্ৰয়োজনীয় খাদ্য একেলগে খোৱাটো বাদ দিছে৷ কিছুমানৰ মতে এই খাদ্যই কোষ্ঠকাঠিন্যৰ লগতে পেটত নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ দ্য হেল্ডি ইণ্ডিয়ান প্ৰজেক্টৰ মতে কণী আৰু কল আমাৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী৷ তথ্য মতে গাখীৰৰ পাছতে কণীত সৰ্বাধিক পৰিমাণৰ প্ৰ’টিন থাকে৷ আনহাতে কলত ছেচুৰেটেড ফেট, কলেষ্টৰেল, ছডিয়াম খুব কম থাকে৷ ইয়াৰ পৰিৱৰ্তে কল ডায়েটৰি ফাইবাৰ, ভিটামিন-চি, পটেচিয়াম, মেংগানিজ, ভিটামিন-বি আিদৰ ভাল উৎস৷ ডায়েটেচিয়ানৰ মতে কণী আৰু কল দুয়োটাকে ছুপাৰ ফুড হিচাপে গণ্য কৰা হয় আৰু লগতে দুয়োবিধেই পুষ্টিৰ লাগতিয়াল উৎস৷ এই দুবিধ খাদ্য একেলগে খালে শৰীৰত কোনো বিষাক্ত প্ৰভাৱ নপৰে৷ কিন্তু কিডনীজনিত ৰোগত আক্ৰান্ত ব্যক্তি, এলাৰ্জি, বদহজম আদি সমস্যাত এইবোৰ খাদ্য খাব নালাগে৷ এই ক্ষেত্ৰত কণী আৰু কল একেলগে খোৱাৰ পৰামৰ্শ নিদিয়াই ভাল৷ মুঠৰ ওপৰত কণী আৰু কল একেলগে খালে কোনো কাৰণতেই পাশ্বৰ্ক্ৰিয়াৰ সম্ভাৱনা নাথাকে৷ আনহাতে উচ্ছ ডায়েবেটিছত আক্ৰান্ত লোকে কল নোখোৱাই শ্ৰেয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here