কচু ঠাৰি হ’ব পাৰে স্বাস্থ্য ৰক্ষাৰ উপায়

0
458

বনৰীয়া কলা কচু সচৰাচৰ সহজতে পোৱা এবিধ খাদ্য।
কলা কচু গৰমৰ দিনত স্বাস্থ্য বাবে খুবেই ভাল । ইয়াত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায় । ইয়াৰ পাত অৰ্থাৎ কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰ’টিন , আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন A, ভিটামিন B যৌগ,ভিটামিন C , ভিটামিন E , অমেগা 3 ফেটি এচিড, অমেগা 6 ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলচিয়াম, মেংগানিজ , মেগনেচিয়াম , কপাৰ, ফচফৰাছ, আদি পোৱা যায় ।
ই ভাজি বনাই খাব পাৰি । কচুৰ ঠাৰিৰ বাকলি গুচায় বা নুগুচোৱাকৈয়ো খাব পাৰি । জালুক, জলকীয়া আৰু নহৰু, গৰম মছলা আৰু অকণমান মিঠাতেলৰ সৈতে সহজতেই সুন্দৰকৈ খাবলৈ সোৱাদ হোৱাৰ লগতে দেহৰ বাবে উপযোগী এই খাদ্য বিধ আপোনালোকে খাব পাৰে । ই অকল ভাজিয়েই নহয়, শুকান মাছ আদি বিভিন্ন ধৰণে বনাই খাব পাৰে । ৰক্তহীনতা ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰন, ভিটামিন-B6 আৰু ফলেট থাকে । ইয়াত থকা কেলচিয়ামে হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here