ওজন কমাব বিচাৰিছে? এইবোৰ ঘৰুৱা কাম কৰক

0
1037
ওজন নিয়ন্ত্ৰণ কৰাত ডায়েট আৰু ব্যায়ামৰ ভূমিকা উল্লেখনীয়৷ কিন্তু ইয়াৰ লগতে যদি আপুনি ঘৰৰ সকলো কাম নিজেই কৰে, তেন্তে ইয়াৰ জৰিয়তেও আপোনাৰ ওজন নিয়ন্ত্ৰণ হোৱাৰ লগতে কঁকাল, ভৰি, পিঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে৷ যিমানে আপোনাৰ শৰীৰ সক্ৰিয় হৈ থাকিব, সিমানে আপুনি সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিব পাৰিব৷

[১] আপুনি জানেনে? ঘৰ মোচা কাৰ্যত আপুনি আধা ঘণ্টাত ১৪৫ কেলৰি কমাব পাৰে, যিটো ট্ৰেডমিলত ১৫ মিনিট দৌৰাৰ সমান হয়৷ কিন্তু যিমান পাৰি বহি ঘৰ মোচাৰ অভ্যাস কৰিলে অধিক সুফল লাভ কৰিব পাৰি৷

CLEANING GUIDE FOR LAMINATE FLOORINGS IN 3 STEPS -
Sweeping and mopping can help burn a lot of calories.


[২] ৱাশ্বিং মেচিন ওলোৱাৰ পৰা মানুহে নিজে কাপোৰ ধুব যেন বাদেই দিছে৷ কিন্তু হাতেৰে কাপোৰ ধোৱাৰ সময়ত এঘণ্টাত ৮৫ কেলৰি কম কৰিব পাৰে, যিটো ১০০ বাৰ উঠা-বহা কৰাৰ সমপৰ্যায়ৰ হয়৷

Women's hands wash clothes in the basin Stock Photo - Alamy
Washing clothes with your hands can help you burn a large number of calories.


[৩] পাচলি কটাৰ পৰা ভাত ৰন্ধালৈ এনেকুৱা বহু কাম ওলায়, য’ত আমাৰ শৰীৰ সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকে৷ গতিকে খাদ্য বনোৱাৰ সময়ত এঘণ্টাত আপুনি ১৫০ কেলৰি হ্ৰাস কৰিব পাৰে, যিটো ১৫ মিনিট এৰ’বিক্স কৰাৰ সমান হয়৷

Cooking by the rules


[8] ঠিক একেদৰে ঘৰৰ সামগ্ৰী, আচবাব আদি চাফা কৰাৰ সময়ত আপুনি আধা ঘণ্টাত ১৮০ কেলৰি কম কৰিব পাৰে, যিটো ১৫ মিনিট চাইকেল চলোৱাৰ সমান হয়৷

What's the Best Way to Clean Your House After Someone In Your Family Has Been Sick? – Health Essentials from Cleveland Clinic
গতিকে আপুনিও যদি দীৰ্ঘদিন সু-স্বাস্থ্যৱান হৈ থাকিব বিচাৰিছে, তেন্তে আজিৰ পৰাই ঘৰৰ এইবোৰ কাম নিজে কৰি ওজন নিয়ন্ত্ৰণ আৰু শৰীৰ সুস্থ কৰি ৰখাত অৰিহণা যোগাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here