এসপ্তাহৰ ভিতৰত ৰাজ্যত কভিড পৰিস্থিতি সুস্থিৰ হ’ব: স্বাস্থ্য মন্ত্ৰী

0
1405
আগন্তুক এসপ্তাহৰ ভিতৰত ৰাজ্যৰ কভিড পৰিস্থিতি অধিক উন্নত হোৱাৰ আশা আছে৷ এই এসপ্তাহৰ ভিতৰত সমগ্ৰ অসমত কভিড পৰিস্থিতি সুস্থিৰ হোৱাৰ আশা কৰা হৈছে৷ এই কথা যোৱা ২৮ জুলাইত সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্য মন্ত্ৰীজনে সদৰী কৰে যে ৰাজ্যত ক্ৰমাৎ কভিড পৰিস্থিতি উন্নত হৈছে৷ সংক্ৰমণৰ হাৰ সম্প্ৰতি এক শতাংশতকৈও হ্ৰাস পাইছে৷ অৱশ্যে তাৰ মাজতে এতিয়াও লখিমপুৰ, গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাত সংক্ৰমণ অধিক হৈ থকা বুলি তেওঁ সদৰী কৰে৷ মন্ত্ৰীজনে কয় যে ৰাজ্যত ভেক্‌চিন প্ৰদান অভিযান পুনৰ তীব্ৰতৰ কৰা হৈছে৷ এইপৰ্যন্ত ৰাজ্যত কভিডৰ ভেক্‌চিন প্ৰদান কৰা লোকৰ সংখ্যাই এক কোটিৰ ঘৰ অতিক্ৰম কৰিছে৷ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে অহা এসপ্তাহৰ ভিতৰত ৰাজ্যত কভিড পৰিস্থিতি এতিয়াতকৈ অধিক উন্নত হোৱাৰ আশা কৰা হৈছে৷ আনকি এসপ্তাহৰ ভিতৰত ৰাজ্যৰ কভিড পৰিস্থিতি প্ৰায় স্বাভাৱিক হোৱাৰ আশা কৰা বুলিও তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here