এলোভেৰা জেল চুলিত লগালে কি পাব আচৰিত লাভ ?

0
619

শীতকালত চুলিকোছা ভালে ৰাখিবলৈ বিশেষ যত্ন কৰিব লাগে৷ এই সময়ছোৱাত বায়ুৰ আৰ্দ্ৰতা কমি থাকে বাবে চুলি শুকান আৰু ৰুক্ষ হৈ পৰে৷ তেতিয়া স্ক্যাল্পৰ আৰ্দ্ৰতাৰ যোগান ধৰাটো প্ৰয়োজন৷ চুলিৰ ৰুক্ষতা তথা চুলিৰ সুৰক্ষাৰ হেতু কিছু ঘৰুৱা উপায়েৰে সমাধান কৰিব পাৰি৷ এলোভেৰা জেল চুলিৰ যত্নৰ বাবে খুব প্ৰয়োজনীয়৷ চুলিৰ যত্নৰ বাবে কিদৰে এলোভেৰা জেল ব্যৱহাৰ কৰিব জানো আহক৷
আপুনি এলোভেৰা জেলেৰে তৈয়াৰী হেয়াৰ পেক চুলিৰ সমস্যা সমাধান কৰিব পাৰে৷ এই হেয়াৰ পেকে চুলিৰ ৰুক্ষ, শুকান, চুলিৰ সৰা আদি নোহোৱা কৰিব পাৰে৷ স্ক্যাল্পৰ আৰ্দ্ৰতা ধৰি ৰখাৰ বাবে এলোভেৰা জেলৰ লগত ভিটামিন-ই খুব কাৰ্যকৰীভাৱে কাম কৰে৷ এই দুই উপাদান ভালদৰে মিহলি কৰি এটা হেয়াৰ পেক তৈয়াৰ কৰক৷ এতিয়া এই মিশ্ৰণটো চুলিত ভালদৰে লগাই মাচাজ কৰক, যাতে গোটেই মূৰটোতে লাগে৷ এঘণ্টামান ৰাখি পাছত চুলিখিনি ছেম্পু কৰি দিব৷ এইদৰে এসপ্তাহমান কৰিলে আপুনি চুলিৰ যত্নৰ বাবে ভাল ফল পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here