এবাৰ ব্যৱহৃত প্লাষ্টিক সম্পৰ্কে ছিপেটত সজাগতা কাৰ্যসূচী

0
742

চেণ্ট্ৰেল ইনষ্টিটিউট অব্‌ পেট্ৰ’কেমিকেল্‌ছ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি (চি আই পি ই টি অৰ্থাৎ ছিপেট) আৰু চেণ্টাৰ ফৰ স্কিলিং এণ্ড টেকনিকেল ছাপ’ৰ্ট (চি এছ টি এছ), গুৱাহাটীয়ে ইয়াৰ চাংসাৰিস্থিত ‘ছিপেট’ৰ প্ৰতিষ্ঠানত ‘এবাৰ ব্যৱহৃত প্লাষ্টিক’ (ছিংগল ইউজ্‌ড প্লাষ্টিক্‌ছ অৰ্থাৎ এছ ইউ পি) সম্পৰ্কে এখন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে৷ কাৰ্যসূচীত বৰপেটাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষসহ ২৫গৰাকী শিক্ষক আৰু ১৫৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়৷ ‘এবাৰ ব্যৱহৃত প্লাষ্টিক আৰু ইয়াৰ ব্যৱস্থাপনা’ শীৰ্ষক বিষয়বস্তুক সামৰি ‘ছিপেট’ৰ সঞ্চালক আৰু মুৰব্বী সঞ্জয় কুমাৰ চৌধাৰীয়ে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত উপস্থিত থাকি প্ৰশিক্ষণ বিভাগৰ মুৰব্বী ড॰ হৰেকৃষ্ণ ডেকাই কেৰিয়াৰ হিচাপে পলিমাৰ ইঞ্জিনিয়াৰিং বিষয় অধ্যয়নৰ সুযোগ গ্ৰহণ কৰিবলৈ আহবান জনোৱাৰ লগতে পলিমাৰ উদ্যোগৰ বিকাশত ‘ছিপেট’ৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়৷ অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ ট্ৰেইনিং ক’অৰ্ডিনেটৰ প্ৰাঞ্জল গোস্বামীয়ে ছিপেট গুৱাহাটীত থকা সুবিধাসমূহৰ বিতং ব্যাখ্যা আগবঢ়ায়৷ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক ম’ল্ড মেনুফেক্‌চাৰিং টেক্‌নিক, প্লাষ্টিকেৰে তৈয়াৰী সামগ্ৰীৰ প্ৰছেছিং আৰু টেষ্টিঙৰ প্ৰায়োগিক কৌশল সম্পৰ্কীয় দিশসমূহ ফঁহিয়াই দেখুৱাই দিয়ে৷ কেন্দ্ৰীয় বিদ্যালয়, বৰপেটাৰ অধ্যক্ষ কুঞ্জলোচন পাঠকে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট পদ্ধতিৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ছিপেট গুৱাহাটীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা সজাগতা কাৰ্যসূচীৰ শলাগ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here