এনে কি ঔষধি গুণ আছে মানিমুনিৰ পাতৰ !

0
1156

আমি ঘৰৰ ওচৰে-পাঁজৰে সহজে দেখিবলৈ পোৱা মানিমুনিৰ পাত সৰু গোলাকৃতিৰ৷ ই এবিধ ভেষজ গুণসম্পন্ন ঔষধি উদ্ভিদ৷ ইয়াৰ বৈজ্ঞানিক নাম Centella aciatica. ভেষজ গুণসম্পন্ন মানিমুনিৰ পাতৰ দ্বাৰা বহুতো ৰোগৰ উপশম পোৱা যায়৷ গ্ৰামাঞ্চলত এইবিধ ঔষধিজাতীয় উদ্ভিদৰ ব্যৱহাৰ আদি যুগৰে পৰা চলি আহিছে৷ মানিমুনিৰ উপকাৰী গুণৰ বিষয়ে জানো আহক৷
মানিমুনিয়ে ছালৰ অভ্যন্তৰৰ পুষ্টিৰ সমস্যা নোহোৱা কৰে৷ ফলত চুলি সৰাৰ পৰা আৰম্ভ কৰি চুলিৰ বিভিন্ন সমস্যা সমাধান কৰে৷
শৰীৰত প্ৰৱেশ কৰা নানাধৰণৰ অপকাৰী টক্সিন বাহিৰ কৰি দিয়াত মানিমুনিয়ে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
মানিমুনি পাতে শৰীৰত উপস্থিত স্পেয়োনিনছ নাইবা অন্যান্য উপাদদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে৷ কটা-ছিঙাৰ মানিমুনিৰ পাতৰ ৰস উলিয়াই লগালে তৎক্ষণাৎ তেজ ওলোৱা বন্ধ হয়৷
মানিমুনি পাতৰ থকা উপাদানে খাদ্য হজম হোৱা এচিডৰ ক্ষৰণ সঠিক ৰখাত সহায় কৰে৷ ফলত বদহজম, গেছৰ সমস্যা নিৰাময় হয়৷
মানিমুনিৰ পাতত এমিন’ এচিড, বিটা কেৰ’টিন, ফেটি এচিড, ফাইটোকেমিকেল পোৱা যায়, যি ছালৰ ভিতৰত পুষ্টিৰ সমস্যা দূৰ কৰে৷ ইয়াৰ উপৰি মুখত পৰা বলিৰেখা নিৰাময়ৰ বাবে মানিমুনি পাতৰ ৰস উত্তম৷ লগতে ছালৰ উজ্জ্বলতা, মসৃণতা আদি দুগুণে বঢ়ায় মানিমুনিৰ পাতে৷
প্ৰতিদিনে মানিমুনিৰ পাতৰ ৰস খালে পাকস্থলীৰ সমস্যা দূৰ হয়৷ আনহাতে মানিমুনিৰ পাতৰ ৰসত লগত অলপ চেনি মিহলি কৰি খালে কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here