এদিনতে ৰাজ্যত এহেজাৰটা অংগনবাড়ী কেন্দ্ৰ মুকলি

0
295

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই কামৰূপ জিলাৰ মিৰ্জাৰ পৰা যোৱা ১৫ আগষ্টত কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ এক হাজাৰটা নতুনকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ মুকলি অনুষ্ঠান সম্পন্ন কৰে৷ তাৰ পাছতে ৰাজ্যৰ জিলাই জিলাই এই এক হাজাৰ আদৰ্শ কেন্দ্ৰ মুকলি কাৰ্য সম্পন্ন কৰে৷ উল্লেখ্য যে শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে যুগন্তকাৰী পদক্ষেপ হিচাপে অংগনবাড়ী কেন্দ্ৰসমূহ আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই মৰ্মে ১০০০টা অংগনবাড়ী কেন্দ্ৰ আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰে৷ এই অংগনবাড়ী কেন্দ্ৰসমূহ আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰোঁতে চৰকাৰৰ প্ৰতিটোত ২৫ লাখকৈ টকা ব্যয় হয়৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী কয় যে সমগ্ৰ দেশৰ ভিতৰতে অসমত গ্ৰহণ কৰা এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ স্থাপনে শিশুসকলৰ বিকাশত যুগান্তকাৰী প্ৰভাৱ পেলাব৷ মুখ্যমন্ত্ৰীয়ে উক্ত কাৰ্যসূচী উদ্বোধন কৰাৰ সমান্তৰাভাৱে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে যোৰহাটত কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে৷ মুঠতে উক্ত দিনা ৰাজ্যৰ সকলোবোৰে জিলাতে চৰকাৰৰ মন্ত্ৰী, বিষয়াসকলে এহেজাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here