এতিয়া ড্ৰাগ্‌ছ সেৱনৰ নিৰাপদ থলী ঐতিহ্যমণ্ডিত স্থান ৷ Historical (or heritage) site now turning into a haven for drug users

0
553
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মদ, জুৱা, ড্ৰাগ্‌ছ আদিৰ প্ৰচলন৷ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা চহৰতো মদ, জুৱা, ড্ৰাগ্‌ছৰ দৰে ব্যাধিসমূহে ক্ৰমাৎ গ্ৰাস কৰি আহিছে যুৱ প্ৰজন্মৰ এটা অংশ৷ ড্ৰাগ্‌ছ, সুৰা আদিৰ বাবেই বিভিন্ন অসামাজিক কাৰ্যকলাপো  বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে চহৰখনৰ সচেতন মহল৷ মন কৰিবলগীয়া যে একাংশ যুৱকে মদ, ভাং, ড্ৰাগ্‌ছ আদি সেৱনৰ বাবে চহৰখনৰ ঐতিহ্যমণ্ডিত স্থান হিচাপে বিবেচিত থান আদিক নিৰাপদ স্থানৰূপে ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি, বৰপেটা চহৰৰ ঐতিহ্যমণ্ডিত কেতেকীবাৰী থানৰ চৌহদত দীৰ্ঘদিন ধৰি একাংশ যুৱকে মদ, ভাং আদি সেৱন কৰি আহিছে৷ যাৰ ফলত থানখনৰ লগতে সমগ্ৰ এলেকাটোৰে পৰিৱেশ বিনষ্ট হৈছে৷ বৰপেটা চহৰৰ ১নং গলিয়াহাটীৰ কেতেকীবাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰপন্ন শিষ্য শ্ৰীৰাম আতাই স্থাপন কৰিছিল উক্ত থানখন৷ একশৰণ হৰিনাম ধৰ্মৰ চৰ্চাৰ কেন্দ্ৰ হিচাপে বিবেচিত উক্ত থানখন শেহতীয়াভাৱে একাংশ যুৱকৰ সুৰা, ড্ৰাগ্‌ছ, ভাং আদি সেৱনৰ নিৰাপদ স্থলী হৈ পৰা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ ৰাইজে জানিবলৈ দিয়া অনুসৰি, সন্ধিয়া হোৱাৰ লগে লগে বৰপেটা চহৰৰ বিভিন্ন স্থানৰ পৰা একাংশ যুৱক থানখনৰ চৌহদত উপস্থিত হয় আৰু উক্ত স্থানতে বিভিন্ন ৰাগিয়াল দ্ৰব্য সেৱন কৰে৷ চহৰখনৰ উদ্বিগ্ন হৈ পৰা একাংশ অভিভাৱকে জানিবলৈ দিয়া মতে, ধ্বংসমুখী কিছুমান যুৱকৰ বাবে ঘৰুৱা অশান্তিও বৃদ্ধি পাইছে৷ এইসকল যুৱকে পঢ়া-শুনা বাদ দিয়াৰ লগতে ৰাগিয়াল দ্ৰব্য ক্ৰয় কৰিবলৈ ঘৰত পইচা বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here