একেলগে ৩৫টা অক্সিজেন প্ৰকল্প উদ্বোধন মোদীৰ ক’ত, কেতিয়া ? Modi launches 35 oxygen projects simultaneously.

0
667
PM CARES Fund-ৰ অধীনত ৩৫খন ৰাজ্যত আৰু কেন্দ্ৰীয় শাসিতত স্থাপন কৰা ৩৫টা প্ৰেছাৰ ছুইং এবজৰ্বশ্যন চমুকৈ PSA অক্সিজেন প্ৰকল্প ৭ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে৷ এইম্‌ছ-ঋষিকেশত আয়োজিত এটা অনুষ্ঠানত মোদীয়ে এই প্ৰকল্পকেইটা একেলগে উদ্বোধন কৰে৷ তাৰ পাছত এটা সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহ ব্যাখ্যা কৰে৷ তেওঁ কয় যে কৰ’না অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত দেশখনত মাত্ৰ এটা টেষ্টিং লেবৰেটৰি আছিল আৰু এতিয়া ৩ হাজাৰৰো বেছি হ’ল৷ তেওঁ কয় যে নতুন প্ৰকল্পকেইটাকে ধৰি পি এম কেয়াৰ্ছ পুঁজিৰ অধীনত স্থাপন কৰা ১১৫০টাৰো অধিক অক্সিজেন প্ৰকল্পই কাম কৰি আছে আৰু দেশৰ প্ৰতিখন জিলাক সামৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা প্ৰকল্পকেইটাৰ ভিতৰত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এটা প্ৰকল্পও আছে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াক ভাৰ্চুৱেলি উদ্বোধন কৰে৷ অনুষ্ঠানটোত সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দীপায়ান চক্ৰৱৰ্তী, কাটিগৰাৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, জিলা উপায়ুক্ত কীৰ্তি জাল্লি, আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ, বিজেপিৰ জিলা সভাপতি বিমলেন্দু ৰয়, বিজেপি নেতা নিত্যভূষণ দে’ আৰু অন্যান্যসকল উপস্থিত আছিল৷ অনুষ্ঠানটোৰ পাছত সাংবাদিকক সাংসদ ডাঃ ৰাজদীপ ৰয়ে কয় যে পি এম কেয়াৰ্ছৰ অধীনত প্লেণ্টটো চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে৷ প্ৰতি মিনিটত এক হাজাৰ লিটাৰ অক্সিজেন উৎপাদন কৰা হ’ব৷ ইয়াৰ ফলত বৰাক উপত্যকাৰ লোকসকল উপকৃত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here