এই লক্ষণবোৰে ক’ব শিশুৰদেহত পুষ্টিৰ অভাৱৰ কথা

0
367


সন্তানক দৈনিক নিয়মমতে পুষ্টিকৰ খাদ্য খুওৱাব লাগে৷ ইয়াৰ ভিতৰত ভিটামিন, প্ৰ’টিন, খনিজ পদাৰ্থ আদি উপাদান থকাটো অতি প্ৰয়োজনীয়৷ শিশুৰ ক্ষেত্ৰত সুস্থ-সবল তথা দৈহিক বাঢ়িবলৈ সুষম খাদ্য অত্যন্ত জৰুৰী৷ সেয়ে শিশুক দৈনিক নিয়ম অনুসৰি পুষ্টিকৰ আহাৰ খাব দিব লাগে৷ খোৱাৰ সময় নিৰ্দিষ্টকৈ ঠিক কৰি খুৱালে শিশুৰ স্বাস্থ্যৰ বাবে ভাল৷ কিন্তু শিশুৰ শৰীৰৰ পুষ্টিৰ অভাৱ হৈছে নে নাই কেনেকৈ বুজিব সেয়াও জনাটো দৰকাৰ৷
ব্ৰিটেইনৰ নেশ্যনেল হেল্‌থ ছাৰ্ভিচ নামৰ সংস্থাই জনোৱা মতে শিশুৰ শৰীৰত পুষ্টিৰ নাটনি বা অভাৱৰ এটা গুৰুত্বপূৰ্ণ লক্ষণ হ’ল শৰীৰৰ ওজন কম-বেছি হে থকাটো৷ যদি শিশুৰ ওজন ৩১ পৰা ৬ মাহৰ ভিতৰত ৫১ পৰা ১০ শতাংশ কমে, তেন্তে সতৰ্ক হ’ব আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব৷
শিশু এটি যদি সঘনাই অসুস্থ হৈ থাকে, সৰু-সুৰা অসুবিধাৰ সন্মুখীন হয়, ইয়ো শৰীৰৰ পুষ্টিৰ অভাৱৰ কাৰণে হ’ব পাৰে৷ যিহেতু মূলতঃ খাদ্যৰ মাধ্যমেৰে দেহে ভিটামিন, খনিদ পদাৰ্থ প্ৰ’টিন আদি লাভ কৰে, সেইবাবে পুষ্টি কমি গ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়৷ সেয়েহে সঘনাই অসুস্থ হৈ থাকে৷
মিঠাজাতীয় খাদ্য, চকলেট আজি খোৱাৰ ফলত শিশুৰ দাঁত সমস্যা হ’ব পাৰে৷ কিন্তু কেতিয়াবা কেতিয়াবা শৰীৰত ভিটামিন-চিৰ অভাৱৰ বা পুষ্টিৰ অভাৱৰ বাবেও দাঁতৰ সমস্যাই দেখা দিব পাৰে৷ শৰীৰত ভিটামিন-ডিৰ নাটনি হ’লেও দাঁতৰ সমস্যা বাঢ়ি যাব পাৰে৷
স্কুললৈ যোৱা, খেলা-ধূলা, দৌৰা-ঢপৰা আদিৰ ফলত শিশু ক্লান্ত বা ভাগৰুৱা হৈ পৰাটো স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু কেতিয়াবা অলপতে শিশু ক্লান্ত, লেবেজান হৈ পৰে৷ তেতিয়া খোৱাৰ ক্ষেত্ৰ বিশেষ নজৰ দিব লাগে৷ কিয়নো শৰীৰত পুষ্টিৰ অভাৱৰ বাবে এনেকুৱা লক্ষণবোৰ দেখা দিব পাৰে৷
অপুষ্টিৰ প্ৰভাৱ শিশুৰ মনৰ ওপৰতো ক্ৰিয়া কৰে, যাৰ ফলত শিশুৰ ৰাগ-খং, ভাগৰ আদি বৃদ্ধি পায়৷
পুষ্টিৰ অভাৱ হ’লে শিশুৰ মস্তিষ্কৰ বিকাশত বাধাৰ সিৃষ্ট হয়৷ যাৰ ফলত বুদ্ধিৰ বিকাশত সমস্যা হয়৷ নতুন কথা আয়ত্ত কৰিব নোৱাৰে, স্মৃতিশক্তি লোপ পায়, কথা মনত ৰাখিব নোৱৰা হয়, সহজে পাহৰি যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here