এইসমূহ সমস্যা থাকিলে অমিতা একেবাৰে নাখাব

0
330

অমিতা খোৱাটো স্বাস্থ্যৰ বাবে খুব উপকাৰী৷ চিকিৎসকেও প্ৰতিদিনে খাদ্য তালিকাত অমিতা অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে৷ যিসকলৰ ওজন বৃদ্ধিৰ সমস্যা আছে, অথবা লিভাৰ ভালে ৰাখিবলৈ অমিতা খোৱাটো অতি দৰকাৰী৷ অমিতা বিভিন্ন খাদ্যগুণেৰে ভৰপূৰ এবিধ পাচলি৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে ইমান খাদ্যসমৃদ্ধ এইবিধ পাচলি উপকাৰী হ’লেও কিছুমান ক্ষেত্ৰত অমিতা গ্ৰহণ কৰা উচিত নহয়৷ জানো আহক কি কি সমস্যা থাকিলে অমিতা খাব নালাগে৷
গৰ্ভৱতী মহিলাই পকাই হওক বা কেঁচা অমিতা খোৱা একেবাৰেই উচিত নহয়৷  অমিতাত লেটেক্স আৰু পেপেইন পোৱা যায়, যিয়ে জৰায়ু সংকোচনৰ কাৰণ হ’ব পাৰে৷ সেয়েহে অন্তঃসত্ত্বা মহিলাই অমিতা একেবাৰে নাখাব৷
যিসকলৰ অনিয়মিত হৃদস্পন্দনৰ সমস্যা আছে, সেইসকলে অমিতা খাদ্য তালিকাৰ পৰা বৰ্জন কৰক৷ বেছি পৰিমাণে অমিতা খোৱাৰ ফলত হৃদৰোগ হোৱাৰ আশংকা বাঢ়ি যায়৷
কিডনীত পাথৰ হোৱাসকলে অমিতা গ্ৰহণ কৰাটো এৰাই চলক৷ কাৰণ, অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে৷ ভিটামিন-চি অত্যধিক গ্ৰহণৰ ফলত কেলচিয়াম অক্সালেটে কিডনীত পাথৰ সৃষ্টি কৰিব পাৰে৷
বিশেষজ্ঞৰ মতে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত অমিতাই কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ আনহাতে যিসকলৰ হাইপোগ্লাইছোমিয়াৰ সমস্যা আছে, অৰ্থাৎ ৰক্ত শৰ্কৰাৰ পৰিমাণ কম থাকে, সেইসকলে অমিতা কেতিয়াও খাব নালাগে৷ অমিতাৰ থকা এণ্টি হাইপোগ্লাইছেমিক বা গ্লুকজ কমাৰ উপাদানে উপৰিউক্ত সমস্যাব ভোগাসকলৰ অপকাৰ সাধন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here