এইবোৰ সহজাত অভ্যাসৰ বাবেঅজান্তিতেই চকুৰ ক্ষতি হ’ব পাৰে

0
180


শৰীৰৰ প্ৰতিটো অংগৰে সঠিক মতে যত্ন লোৱা প্ৰায়োজন৷ কিন্তু বহুতৰে কৰ্মব্যস্ত জীৱনত প্ৰত্যেক অংগৰে যত্ন ভালদৰে লোৱা নহয়৷ দিনটো বেছিভাগ সময় ফোন অথবা লেপটুৰ সন্মুখত বহি অফিচৰ কাম কৰিবলগীয়া হয়৷ ইয়াৰ ফলত চকুযুৰিৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ দীৰ্ঘ সময় ধৰি ফোন বা কম্পিউটাৰৰ স্ক্ৰিনৰ সন্মুখত বহি থকাৰ ফলত চকুৰ জ্বলন, চকুৰ পানী ওলোৱা, চকুৰ বিষ, চকুৰ দৃষ্টিশক্তি কমি যোৱা আদি উপসৰ্গবোৰে দেখা দিয়ে৷ ইয়াৰ বাহিৰেও নিজৰ অজানিতে বিভিন্ন অভ্যাসৰ বাবে আমাৰ চকুৰ যথেষ্ট ক্ষতি হয়৷
সাধাৰণতে ধাৰণা কৰা হয় যে গৰম পানীৰে মুখ ধুলে মুখ পৰিষ্কাৰ হয়৷ সেয়েহে মুখত ধোৱা সময়ত বহুতেই গৰম পানী ব্যৱহাৰ কৰে৷ কিন্তু চকু বিশেষজ্ঞৰ মতে এই অভ্যাসে চকুৰ ক্ষতি সাধন কৰে৷ সাধাৰণ তাপমাত্ৰাৰ পানী চকুৰ বাবে উত্তম বুলি ধৰা হয়৷ গৰম পানীৰে চকু ধুলে চকুৰ অনিষ্ট হোৱাৰ সম্ভাৱনাই বেছি থাকে৷
চকুৰ পলক নেফেলাই এক দৃষ্টিৰে চাই থকাটো চকুৰ বাবে হানিকাৰক৷ আপুনি যিকোনো বস্তু এক দৃষ্টিৰে চাই থকাৰ ফলত চকু ওপৰত অত্যধিক চাপ পৰে৷ সেয়ে এই অভ্যাস ত্যাগ কৰক৷
চকুযুৰিৰ আকৰ্ষণ বঢ়াবলৈ বহুতেই নানাধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰা দেখা যায়৷ চকুত কৃত্ৰিম প্ৰসাধনে চকুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এইধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰিলে বেছি সময়ধৰি চকুত ৰাখি থ’ব নালাগে৷ চকু মেকআপ কৰাৰ পাছত ভালদৰে তুলি দিব লাগে লগতে অত্যন্ত সাৱধানেৰে চকুৰ পৰিষ্কাৰ কৰি দিয়াটো জৰুৰী৷
চকুৰ কেতিয়াবা অসুবিধা বা চকুত কিবা পৰিলে তৎক্ষণাৎ হাতেৰে মোহাৰি দিওঁ৷ এই কাম কেতিয়াও কৰিব নালাগে৷ হাত যদি অপৰিষ্কাৰ থাকে সেই হাতেৰে চকু মোহাৰিব নালাগে৷ তাৰ পৰা সংক্ৰমণ হোৱাৰ অতি সম্ভাৱনা থাকে৷ প্ৰথমে হাতখন পৰিষ্কাৰ কৰি লৈহে চকু মোহৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here