এইবাৰ মাৰাত্মক মাৰবাৰ্গ ভাইৰাছৰ সংক্ৰমণ : ক’ত ?

0
257

পশ্চিম আফ্ৰিকাৰ দেশ ঘানাত দুজন লোকৰ মাৰাত্মক মাৰবাৰ্গ ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি দেশখনে নিশ্চিত কৰিছে৷ দেশখনৰ দক্ষিণৰ অশ্বাস্তি অঞ্চলত এই ভাইৰাছ ধৰা পৰিছে৷ বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, মাৰবাৰ্গ ভাইৰাছ ৰোগ অতি ভাইৰেল ৰোগ আৰু ইয়াৰ ফলত ৰক্তক্ষৰণজনিত জ্বৰ (হেনৰেজিক ফিভাৰ) হয় আৰু মৃত্যুৰ হাৰ ৮৮ শতাংশ পৰ্যন্ত হ’ব পাৰে৷ মাৰবাৰ্গ ভাইৰাছ বাদুলিকে ধৰি সংক্ৰমিত জীৱ-জন্তুৰ পৰা বিয়পিব পাৰে৷ মানুহ হঠাতে অসুস্থ হৈ পৰে৷ ৰোগৰ লক্ষণ বেছি জ্বৰ, অভ্যন্তৰীণ আৰু বাহ্যিক ৰক্তক্ষয় আৰু প্ৰচণ্ড মূৰৰ বিষ৷ মানুহৰ পৰা মানুহলৈ এই ৰোগ বিয়পে৷ ই ইব’লাৰ দৰেই মাৰাত্মক আৰু কোনো চিকিৎসা বা ভেক্‌চিন এতিয়ালৈকে নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here