এইবাৰ নাকৰ বাবে মাস্ক প্ৰস্তুত

0
602
দক্ষিণ কোৰিয়াৰ এটা কোম্পানীয়ে এবিধ এণ্টি-ভাইৰাছ মাস্ক তৈয়াৰ কৰিছে যি কেৱল নাকটোহে আৱৰি ৰাখে আৰু খাওঁতেও এইটো ব্যৱহাৰ কৰিব পাৰি৷ এই মাস্কৰ নাম দিয়া হৈছে ‘ক’স্ক’৷ ই-হৈছে ‘ক’ (নাক’ বুজোৱা কোৰীয় শব্দ) আৰু ‘মাস্ক’ শব্দ যোগ কৰি সৃষ্টি কৰা শব্দ৷ এই মাস্ক ইতিমধ্যে এটমেন নামৰ কোম্পানীটোৱে মুকলি কৰিছে৷ ১০খন ক’স্ক থকা এটা বাকচত ৬১০ টকাকৈ বিক্ৰী কৰিছে অনলাইন খুচুৰা বিক্ৰেতা ক’পেঙে৷ প্ৰতিখন ক’স্কত দুখনকৈ থাকে৷ এখন আঁতৰাই দিলে মুখখন মুকলি হয়, কিন্তু নাকটো আৱৰি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here