উদ্বেগজনক ! ভৰলু নৈত মুকলিকৈ পেলাইছে ম্যাদ ওকলা ঔষধ

0
713

পৌৰ নিগমে খনন কাৰ্য তথা পৰিষ্কাৰ কৰি তোলা মৰা ভৰলু নৈৰ পাৰত কাষৰীয়া একাংশ পুনৰ মুকলিকৈ আৱৰ্জনা পেলাই লেতেৰা কৰা কাৰ্যত ছেভ ভৰলু অভিযানৰ বিষয়ববীয়াৰ লগতে স্থানীয় সচেতন ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ 
অলপতে এনে এক কাৰ্য সংঘটিত হৈছে ফটাশিলৰ গণেশপাৰা অঞ্চলত৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে জলসম্পদ বিভাগ সহযোগত আকৌ বাৰিষাৰ পূবেৰ্ই মহানগৰীৰ সকলো নলা-নৰ্দমাৰ লগতে ভৰলু, মৰাভৰলু, বাহিনী আদি নৈ পৰিষ্কাৰ আৰু খনন কাৰ্য চলাই আছে৷ 
বিশেষকৈ ভৰলু নৈ পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা ছেভ ভৰলু অভিযানে নৈখনৰ বিভিন্ন ঠাইত চলি থকা খনন কাৰ্যৰ তদাৰক কৰি থকা দেখা গৈছে৷ লগতে নৈৰ কাষৰীয়া ৰাইজৰ সজাগতাৰ বাবে ইতিমধ্যে কেইবালানি সজাগতামূলক সভাও অনুষ্ঠিত কৰিছে৷ 
ইয়াৰ পাছতো একাংশ অসচেতন নাগৰিকে ঘৰুৱা আৱৰ্জনা পৌৰ নিগমৰ অধীনৰ স্বেচ্চাসেৱী সংগঠনক নিদি নৈত বা নৈৰ পাৰত পেলাই আহিছে৷ ইয়াৰ লগতে আন এক উদ্বেগজনক বিষয় যে মৰা ভৰলু নৈৰ বিভিন্ন ঠাইত একাংশ ঔষধ প্ৰতিষ্ঠান তথা ড্ৰাগ্‌ছ ডিলাৰে বিষাক্ত সামগ্ৰী অতি বিপজ্জনকভাৱে মুকলিকৈ পেলাই আহিছে৷ 
যিটো এক অবৈধ তথা অপৰাধমূলক কাৰ্য৷ এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিভিন্ন ম্যাদ ওকলা ঔষধৰ পেকেট মুকলিকৈ নৈৰ পাৰত পেলাই দিছে৷ স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে প্ৰায় নিশা গাড়ীৰে আনি এইদৰে ম্যাদ ওকলা হাজাৰ হাজাৰ ঔষধৰ পেকেট মৰা ভৰলু নৈত পেলাই থাকে৷
ঔষধ প্ৰতিষ্ঠানটোৰ এই অবৈধ কাৰ্যক ছেভ ভৰলু অভিযানে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ আহবান জনায়৷ লগতে স্থানীয় ৰাইজকো পৰিষ্কাৰ কৰি তোলা নৈৰ পাৰ পুনৰ লেতেৰা নকৰিবলৈ অনুৰোধ জনাই ভৰলু নৈৰ প্ৰদূষণ ৰোধ কৰাত সহযোগ কৰিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here