উদ্বেগজনক ছবি ! দেশত ভয়াৱহভাৱে বৃদ্ধি নিবনুৱাৰ হাৰ

0
497
দেশৰ গ্ৰাম্য আৰু চহৰাঞ্চলত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ৷ দেশত কভিডকালীন পৰিস্থিতিত ব্যক্তিগত প্ৰতিষ্ঠান, উদ্যোগ, কল-কাৰখানা আদি বন্ধ হৈ থকাৰ ফলত অসংখ্য যুৱক-যুৱতীয়ে চাকৰি হেৰুৱাই এতিয়া কৰ্মহীনভাৱে দিন পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এনেদৰে অসংখ্য কৰ্মবিমুখ ল’ৰা-ছোৱালীয়ে আশাৰে বাট চাই আছে অনাগত সময়লৈ৷ বিগত সপ্তাহৰ তুলনাত এই সপ্তাহত গ্ৰাম্য আৰু নগৰাঞ্চত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ এই উদ্বেগজনক ছবিখন পোহৰলৈ আহিছে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক্‌’নমি চমুকৈ CMIE-ৰ তথ্যত৷ CMIE-ৰ তথ্য মতে বিগত এসপ্তাহৰ ৫.৯৮ শতাংশৰ তুলনাত ২৫ জুলাইলৈ দেশত নিবনুৱাৰ হাৰ ৭.১৪ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে গ্ৰামাঞ্চলত নিবনুৱা বৃদ্ধিৰ হাৰ বেছি৷ বিগত সপ্তাহত চহৰাঞ্চলত নিবনুৱাৰ হাৰ ৭.৯৪ শতাংশৰ পৰা ৮.০১ শতাংশলৈ বৃদ্ধি পায়৷ তেনেদৰে গ্ৰামাঞ্চলত বিগত সপ্তাহত নিবনুৱাৰ হাৰ ৫.১ শতাংশৰ পৰা ঊধবৰ্গামী হৈ ৬.৭৫ শতাংশলৈ বৃদ্ধি পাইছে৷ এতিয়া এনেধৰণৰ ভয়াৱহ তথ্যই ৰাজ্যত অৰ্থনীতিৰ লগতে সামাজিক ক্ষেত্ৰত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here