উদ্বেগজনক!এইবাৰ নদীৰ পানীত কৰ’না ভাইৰাছ

0
1086
মানুহ, জীৱ-জন্তুৰ দেহত মহামাৰী কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত এইবাৰ নদীৰ পানীত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি৷ শেহতীয়াকৈ এনে উদ্বেগজনক খবৰে সকলোকে আচৰিত কৰি তোলাৰ লগতে শংকিত কৰি তুলিছে৷ প্ৰকাশিত তথ্য মতে গুজৰাটৰ সবৰমতী নদীত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ নদীখনৰ পৰা কেইবাটাও নমুনা সমগ্ৰহ কৰি পৰীক্ষা কৰাৰ পাছত আটাইকেইটা পৰীক্ষাতে কভিড-১৯ৰ উপস্থিতি পোৱা যায়৷ গুজৰাটৰ আহমেদাবাদৰ মাদেৰে বৈ যোৱা নদীখনত এনেদৰে কৰ’নাৰ উপস্থিতি ধৰা পৰা এতিয়া শংকিত হৈ পৰিছে ৰাইজ৷ উল্লেখ্য যে ২০২০ চনৰ পৰা ২০২১ চনলৈ প্ৰতি সপ্তাহত নদীখনৰ পৰা সংগ্ৰহ কৰা প্ৰতিটো নমুনাতে ভাইৰাছবিধ ধৰা পৰে৷ প্ৰাপ্ত তথ্য মতে সবৰমতী নদীৰ পৰা ৬৯৪ নমুনা,, কাংকৰিয়া পুখুৰীৰ পৰা ৫৯৪ আৰু চন্দোলা পুখুৰীৰ পৰা ৪০২ টা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল আৰু আটাইকেইটা পৰীক্ষাৰ ফলাফলত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল৷ এনে এক উদ্বেগজনক খবৰে এতিয়া জনসাধাৰণক পুনৰ আতংকিত কৰি তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here