উজ্জ্বল আৰু দাগহীন ছাল পাবলৈ ঘৰুৱা এই পেষ্টটো লগাওক

0
264

ছালৰ একাধিক সমস্যাৰ বাবে পিঁয়াজে মেজিকৰ দৰে কাম কৰে৷ ছালৰ সুৰক্ষাৰ বাবে কিদৰে পিঁয়াজ ব্যৱহাৰ কৰিব বা ছালৰ বাবে পিঁয়াজ কোন অংশ সকলোতকৈ উপকাৰী, ব্ৰুন, ছালৰ দাগ নোহোৱা কৰিব ছালখন উজ্জ্বল-সতেজ কৰিবলৈ পিঁয়াজ কিদৰে ব্যৱহাৰ কৰিব৷ জানো আহক পিঁয়াজৰ পেষ্ট ব্যৱহাৰ কৰিলে ছালৰ কি লাভ হয়৷
পিঁয়াজত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ইয়াৰ উপৰি প্ৰ’বায়টিক বা উপকাৰী বেক্টেৰিয়া থকা বাবে ছালখন সুৰক্ষা প্ৰদান কৰাৰ লগতে ছালৰ প্ৰাণ-প্ৰাচুৰ্য উন্নত কৰে৷
পিঁয়াজত কুয়েছিটিন নামৰ এণ্টিঅক্সিডেণ্ট থাকে, ছালৰ কটা দাগ বা ছালৰ ওপৰত  পৰা বিভিন্ন ক্ষতস্থানৰ দাগ পিঁয়াজৰ পেষ্ট লগালে নোহোৱা হয়৷ ইয়ে ছালখন কোমল কৰি ৰখাত সহায় কৰে৷
ছালখনৰ নমনীয় কৰি ৰাখিবলৈ পিঁয়াজৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে পিঁয়াজৰ ৰস উলিয়াই ছালত লগাই পাছত পানীৰে ধুই দিব লাগে৷
পিঁয়াজত এণ্টিবেক্টিৰিয়েল বা জীৱাণুনাশক গুণ থকা বাবে অন্য বেক্টেৰিয়া বা ভাইৰাছজনিত সংক্ৰমণৰ পৰা ছালখনক সুৰক্ষা প্ৰদান কৰে৷
ছালৰ এণ্টিছেপটিক বা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধ কৰাত পিঁয়াজৰ ৰস যথেষ্ট উপকাৰী৷
ছালৰ সুকোমলতা, মসৃণতা ভাব ধৰি ৰখাত কোলাজেন প্ৰ’টিনে সহায় কৰে৷ এই কোলাজেন প্ৰস্তুতত ভিটামিন-চি যথেষ্ট অৱদান থাকে৷ পিঁয়াজত ভিটামিন-চি পোৱা যায়৷ সেইবাবে ছালৰ উজ্জ্বলতা, মসৃণতা ধৰি ৰখাত পিঁয়াজে সহায় কৰে৷ ইয়াৰ উপৰি ব্ৰুন সমস্যা মুখৰ ক’লা দাগ নাইকিয়া কৰিবলৈ পিঁয়াজৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে৷
এচামুচ পিঁয়াজৰ ৰসৰ সৈতে এলোভেৰা জেল মিহলাই ছাল যি অংশত ক্ষতস্থানৰ দাগ আছে, তাত লগালে সহজে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here