ইনষ্টাগ্ৰামত হিংসাত্মক বিষয়বস্তু ফে’চবুকত ঘৃণা উদ্ৰেককাৰী ভাষণ বৃদ্ধি

0
356

এপ্ৰিল মাহত ফে’চবুকত ঘৃণা উদ্ৰেককাৰী ভাষণ আৰু ইনষ্টাগ্ৰামত হিংসাত্মক বিষয়বস্তু বৃদ্ধি পায়৷ মেটাই মুকলি কৰা মাহেকীয়া প্ৰতিবেদন এখনত কোৱা হৈছে যে এপ্ৰিলত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফে’চবুকত ঘৃণা উদ্ৰেককাৰী ভাষণ ৩৭.৮২ শতাংশ আৰু ইনষ্টাগ্ৰামত হিংসাত্মক আৰু উচটনিমূলক বিষয়বস্তু ৮৬ শতাংশ বৃদ্ধি পায়৷ 
৩১ মে’ত মুকলি কৰা প্ৰতিবেদনখনত কোৱা হৈছে যে ফে’চবুকে এপ্ৰিলত ৫৩,২০০ ঘৃণা উদ্ৰেককাৰী ভাষণ ধৰা পেলায়, মাৰ্চত ধৰা পেলোৱা তেনে ৩৮,৬০০ ভাষণতকৈ ৩৭.৮২ শতাংশ বেছি৷ সেইদৰে ইন্‌ষ্টাগ্ৰামত হিংসা আৰু উচটনি সম্পৰ্কীয় ৭৭ হাজাৰ বিষয়বস্তু ধৰা পেলায়৷ 
মাৰ্চত আছিল ৪১,৩০০৷ দুয়োটা ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত ফে’চবুকে ব্যৱস্থা গ্ৰহণ কৰে৷ আনহাতে ক্ষতিকাৰক কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ এপ্ৰিলত হোৱাটছএপে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ ১৬ লাখৰো অধিক একাউণ্ট নিষিদ্ধ কৰে৷ হোৱাটছএপ্‌ হ’ল ফে’চবুকৰ মালিকানাৰ মেছেজিং এপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here