ইটালি, আফ্ৰিকালৈ যাব বজালীৰ চাউল

0
862

কৃষিক্ষেত্ৰৰ উৰ্বৰ ভূমিত উৎপাদিত সামগ্ৰীৰে অৰ্থনীতিৰ পৰিকাঠামো নিৰ্মাণ হোৱা বজালীৰ কৃষি খণ্ড আৰু কৃষকক বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে এক সিদ্ধান্তৰ জৰিয়তে নতুন মাত্ৰা প্ৰদান কৰিলে৷ 
উল্লেখ্য যে ভূটানৰ জৰিয়তে বজালীৰ কৃষকৰ চাউল ইটালি আৰু আফ্ৰিকালৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা উপায়ুক্ত দেৱ চৌধুৰীয়ে ছয় মাৰ্চত ভূটানৰ এগৰাকী উদ্যোগী চেৰিং পেনজৰৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ত বাৰ্তালাপ কৰি চাউল প্ৰেৰণ কৰা বিষয়টো নিশ্চিত কৰে৷ 
এই দিশত পেনজৰক যাৱতীয় প্ৰশাসনীয় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি দেৱ চৌধুৰীয়ে কয় যে এই বিষয়টোৱে ব্যৱসায়-বাণিজ্যৰ দিশটো উন্নীত কৰাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৈত্ৰী বন্ধনো সুদৃঢ় কৰিব৷ 
আনহাতে বজালীৰ চাউল ইটালি, আফ্ৰিকাত সমাদৃত হ’ব, এই কথাটোৱে বজালীৰ কৃষকক অধিক উল্লসিত কৰিছে এইবাবেই যে এই প্ৰক্ৰিয়াৰ দ্বাৰা বজালীৰ কৃষক বাৰুকৈয়ে লাভান্বিত হ’ব আৰু বজালীৰ কৃষি খণ্ডত নতুন দিগন্তৰ উন্মেষ ঘটিব৷ 
ভূটানৰ উদ্যোগী পেনজৰে এই কথাও সদৰী কৰিছে যে পৰৱৰ্তী পৰ্যায়ত বজালীৰ চাউল বিভিন্ন বিদেশী ৰাষ্ট্ৰলৈও প্ৰেৰণ কৰিব৷ ক’ভিডকালীন পৰিস্থিতিৰ পাছত আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্যৱস্থা যথেষ্ট সন্তোষজনক দিশে ধাৱমান হোৱাৰ সময়ত ভূটানৰ জৰিয়তে বজালীৰ চাউল বিদেশলৈ প্ৰেৰণ কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ উপায়ুক্ত দেৱ চৌধুৰীয়ে প্ৰকাশ কৰিছে যে বজালীৰ অৰ্থনীতিৰ বুনিয়াদ সুদৃঢ় কৰাৰ হকে তেওঁ অবিৰতভাৱে প্ৰচেষ্টা চলাই যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here