ইছৰ’ৰ শুক্ৰ গ্ৰহ অভিযানৰ পৰিকল্পনা

0
743

চন্দ্ৰ আৰু মঙল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰাৰ পাছত এতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংগঠন চমুকৈ ইছৰ’-এ শুক্ৰ গ্ৰহলৈ এখন মহাকাশযান প্ৰেৰণৰ পৰিকল্পনা কৰিছে৷ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ পৃষ্ঠভাগৰ তলত কি আছে সেই বিষয়ে অধ্যয়ন কৰিবলৈ আৰু লগতে গ্ৰহটোক আৱৰি থকা ছালফিউৰিক এচিডৰ ডাৱৰৰ ৰহস্য উদঘাটন কৰিবলৈ এই অভিযান চলোৱা হ’ব৷ ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে শুক্ৰ গ্ৰহ সম্পৰ্কীয় এখন সভাৰ উদ্বোধনী ভাষণত এই কথা প্ৰকাশ কৰে৷ ২০২৪ চনৰ ডিচেম্বৰত যানখন উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here