আৱৰ্জনাৰ ফলত বিশ্বত বছৰি কিমান লোকৰ প্ৰাণহানি হয় জানেনে ?

0
176

অত্যধিক তথা অপৰিমিত আৱৰ্জনাই আধুনিক জীৱন-যাত্ৰাৰ অন্যতম অভিশাপস্বৰূপ হৈ পৰিছে৷ সমগ্ৰ বিশ্বই বৰ্তমানৰ আৱৰ্জনাৰ ভাৰ বহন কৰিব নোৱৰা অৱস্থাত হৈছে৷ বিভিন্ন খাদ্যবস্তু, উচিষ্ট সামগ্ৰী আদিৰ পৰা সৃষ্ট আৱৰ্জনাই প্ৰতিবছৰে কেইবাগুণ মাত্ৰাৰ বৃদ্ধি পোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে৷ সমগ্ৰ বিশ্বতে প্ৰতিবছৰে প্ৰায় ২.১২ বিলিয়ন টন আৱৰ্জনাৰ সৃষ্টি হয়৷ তথ্য মতে প্ৰতিবছৰে সৃষ্টি হোৱা আৱৰ্জনাসমূহ ট্ৰাক ভৰাই ট্ৰাকসমূহ শাৰী কৰিলে ট্ৰাকৰ শাৰীয়ে বিশ্বখন ২৪ বাৰ অতিক্ৰম কৰিব পাৰিব৷বৰ্তমান পৰিৱেশ প্ৰদূষণৰ অন্যতম সমস্যা হিচাপে দেখা দিছে মানৱ সৃষ্ট আৱৰ্জনাই৷ প্ৰত্যেক দেশতে আৱৰ্জনা সংগ্ৰহ কৰি তাত নিষ্কাশন কৰাৰ নিয়ম আছে যদিও বিশ্বৰ প্ৰায় ২০০ কোটি মানুহৰ ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা নহয়৷ 
এই আৱৰ্জনাসমূহ য’তে-ত’তে পেলাই দিয়াৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু, পাৰিৱেশিক প্ৰদূষণ নানা সমস্যাৰ সৃষ্টি কৰি বছৰি বিশ্ব প্ৰায় দহ লাখ লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰিছে৷ এই আৱৰ্জনাসমূহে যে অকল মানৱ সমাজেৰ ক্ষতি কৰা নাই, বৰঞ্চ প্ৰতিবছৰে সাগৰত প্লাষ্টিক পেলাই দিয়াৰ ফলত প্লাষ্টিকৰ আৱৰ্জনাই সমুদ্ৰতন্ত্ৰৰ সমুদ্ৰত থকা জীৱলৈও ভাবুকি কঢ়িয়াই আনিছে৷ আনহাতে সমগ্ৰ বিশ্বত কম্পিউটাৰ, লেপটপ, ম’বাইল, বিভিন্ন ইলেট্ৰনিক সামগ্ৰীৰ ভঙা-ছিঙা অংশই প্ৰায় পাঁচশ লাখ টন আৱৰ্জনাৰ সৃষ্টি কৰে৷ এইদৰে পৰিৱেশ প্ৰদূষণ হোৱাৰ ফলত মানৱ শৰীৰত নিতৌ নানাধৰণৰ বেমাৰে দেখা দিবলৈ ধৰিছে৷ সময় থাকোঁতেই বিশ্বই একত্ৰভাৱে আৱৰ্জনাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে ইয়াৰ দুৰ্ভোগ ভুগিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here