আৰ্থিক দৈন্য ! ঘৰৰ আগত আঁৰিলে বৃক্ক বিক্ৰীৰ প’ষ্টাৰ

0
522


ভাৰতবৰ্ষত বছৰি বিলিয়নাৰ, ত্ৰিলিয়নাৰ সংখ্যা ঊধবৰ্গতিত বাঢ়ি থকাৰ খবৰ শুনিবলৈ পাওঁ৷ আনহাতে চৰকাৰী তথ্যসমূহতো দেশত দাৰিদ্ৰ্য নিৰ্মূল তথা দাৰিদ্ৰ্য লোকৰ সংখ্যা হ্ৰাস হোৱাৰ বাতৰি পাই আহিছোঁ৷ বৰ্তমান দেশত সৰ্বদিশেতে উন্নতি তথা উন্নয়ন সাধন হৈছে৷ আকৌ দৰিদ্ৰতা নিৰ্মূলৰ হেতু বিভিন্ন কৰ্ম আঁচনি চৰকাৰৰ ফালৰ পৰাও যুগুত কৰি দেশক সৰ্বতোপ্ৰকাশে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে৷ এইবোৰৰ মাজতে ভাৰতবৰ্ষত আৰ্থিক দীনতাত ভোগে বহু লোক আছে৷ তাৰ উমান পোৱা গ’ল এই নভবা-নিচিন্তা ঘটনাটোৰ পৰা৷ দেশৰ এজন লোকে আৰ্থিক দৈন্যত ভুগি নিজৰ ঘৰৰ সন্মুখতে কিডনী বিক্ৰীত পোষ্টাৰ আঁৰিছে৷ ঘটনা ঘটিছে কেৰালা ৰাজ্যত৷ কেৰালাৰ তিৰুৱনন্তপুৰমৰ মানাচৌড়ৰ এজন লোকে তেওঁৰ চিকিৎসাৰ বাবে নিজৰ বৃক্ক বিক্ৰীৰ বিজ্ঞাপন আঁৰি দিছে ঘৰৰ সন্মুখতে৷ সন্তোষ কুমাৰ নামৰ লোকজনে লোকজনে নিজৰ চিকিৎসাৰ বাবে এইদৰে কিডনী বিক্ৰীৰ পোষ্টাৰ আঁৰি দিয়ে লগতে এই পোষ্টাৰখনত তেওঁ দুটা ফোন নম্বৰো দিয়ে৷ জানিব পৰা মতে ফল-মূলৰ দোকানৰ কাম কৰা কুমাৰে কিছুদিন পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈছিল৷ সেয়ে চিকিৎসাৰ বাবে তেওঁ প্ৰথমে নিজৰ ঘৰৰ মাটিখিনি বিক্ৰী কৰিবলৈ বিচাৰিছিল যদিও ভায়েকৰ সৈতে মাটিডোখৰক বিক্ৰীক লৈ বিবাদৰ সূত্ৰপাত হয়৷ উপায়হীন হৈ কুমাৰে এইদৰে নিজৰ অংগ বিক্ৰীৰ দৰে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়৷ এই খবৰে এতিয়া সকলোকে হতচকিত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here