আৰ্ছেনিক, কেডমিয়ামৰ দৰে বিষাক্ত পদাৰ্থৰে ভৰি পৰিছে ভৰলু

0
1282

অসম বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ ভৱনত ২৯ মে’ত ৰুক্মিণী গাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনত ভৰলু-বাহিনী নৈৰ বিষয়ত আলোচনা কৰা হয়৷ সন্মিলনৰ সভাপতি মহিম ডেকাৰ সভাপতিত্বত অনুষ্ঠিত  সভাত ‘ছেভ ভৰলু’ 
অৰ্থাৎ ভৰলু বচাও অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি প্ৰয়াত প্ৰকৃতিবিদ ডাঃ ৰবীন বেনাৰ্জীৰ উদ্ধৃতি দি কয় যে যিদৰে কাজিৰঙা অভয়াৰণ্যত কেনেবাকৈ অকলে মানুহ এজন সোমালে তাৰ জীৱ-জন্তুৰ দ্বাৰা আক্ৰান্ত নোহোৱাকৈ নিৰাপদে ওলাই অহাৰ সম্ভাৱনা থাকিলেও তাৰ পহু বা বাঘ এটা ওচৰৰ জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিলে সি জীৱন্তে হাবিলৈ ঘূৰি যোৱা অসম্ভৱ, সেই একে অৱস্থা আজি ব্ৰহ্মপুত্ৰৰ এখন প্ৰাকৃতিক উপনদী বাহিনী-ভৰলুৰ গুৱাহাটীৰ জনাৰণ্যৰ মাজেৰে বৈ যোৱা বাবে৷
 এসময়ৰ মাছ-পুঠিৰে ভৰা পৰিষ্কাৰ পানীৰ ভৰলু-বাহিনী আজি আমাৰেই একাংশ মানুহৰ অজ্ঞতা আৰু অবিবেচক কাৰ্যৰ ফলত এক পূতিগন্ধময় ডাঠ ক’লা পানীৰ নাগৰিকৰ ‘ডাষ্টবিন’ত পৰিণত হোৱাই নহয়, আৰ্চেনিক, ক্ৰমিয়ামৰ দৰে বিষাক্ত পদাৰ্থৰে ভৰি দেশৰ ৩৫১খন অতি প্ৰদূষিত নৈৰ অন্যতম নৈ হৈ পৰিছে৷ 
ইয়াক পুনৰুজ্জীৱিত কৰিবলৈ সমাজৰ প্ৰায় সকলো ক্ষেত্ৰৰ পৰা ওলাই অহা নাগৰিক সংস্থা ‘ছেভ ভৰলু বা ভৰলু বচাও অভিযান’ৰ কাৰ্যসূচীত সহায়- সহযোগ কৰি ভৰলু-বাহিনীকে ধৰি আন সকলো জলস্ৰোতকে পুনৰুজ্জীৱিত কৰিবলৈ আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here