আৰক্ষীৰ সাফল্য! ড্ৰাগ্‌ছ সৰবৰাহৰ ন-ন কৌশল (New modus operandi in drug smuggling: police success story)

0
193
অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত পুৰণা লাহৰিজানত ২৫ অক্টোবৰৰ সন্ধিয়া ড্ৰাগ্‌ছ মাফিয়া আৰু আৰক্ষীৰ তুমুল গুলীয়াগুলী হয়৷ জানিব পৰা মতে, ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ ডিছাপুৰ ছানডে’ বজাৰ পথেৰে প্ৰায় ২-৩জনীয়া ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ এটা দল আহি থকাৰ গোপন খবৰ লাভ কৰি পুৰণা লাহৰিজানৰ পহৰা আৰক্ষী চকীৰ আৰক্ষীয়ে তাৎক্ষণিক নাকা তালাচী স্থাপন কৰে৷ সেই সময়তে ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ দলটো আহি উক্ত তালাচীৰ সন্মুখীন হোৱাৰ সময়ত আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়াৰ লগে লগে ড্ৰাগ্‌ছ মাফিয়াৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱেও ড্ৰাগ্‌ছ মাফিয়াৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ ইপিনে আন্ধাৰৰ সুযোগ লৈ ড্ৰাগ্‌ছ মাফিয়াৰ দলটো নগালেণ্ডৰ দিশে পলায়ন কৰে যদিও আৰক্ষীয়ে প্ৰায় ২০-২৫ মিনিটৰ পাছত গুলীয়াগুলী সংঘটিত হোৱা স্থানত গুলী লগা অৱস্থাত এটা ড্ৰাগ্‌ছ মাফিয়াৰ মৃতদেহ উদ্ধাৰ কৰে৷ লগতে ড্ৰাগ্‌ছ মাফিয়াটোৰ মৃতদেহৰ কাষৰ পৰা এটা ৭.৬৫ পিষ্টল, ২০ জাঁই সক্ৰিয় গুলী, ম’বাইল ফ’ন, খালী কাৰ্টুন, এটা বেক্‌পেকৰ লগতে ৫০টাকৈ চাবোনৰ বাকচত ভৰাই অনা ৬২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা উক্ত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৫ কোটিৰো অধিক টকা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি আৰক্ষীয়ে আন্ধাৰৰ সুযোগ লৈ পলাই যোৱা আনকেইটা ড্ৰাগ্‌ছ মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here