আশ্চৰ্য ! মহানগৰত ভয়াৱহ গতিত বাঢ়িছে শব্দ প্ৰদূষণ (Sound pollution rising at alarming rate in city!)

0
1456
গুৱাহাটী মহানগৰত সম্পূৰ্ণৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ আইন উলংঘা কৰা হৈছে৷ বায়ু, মাটি, আৰু পানী প্ৰদূষণৰ লগতে অস্বাভাৱিক গতিত বৃদ্ধি পাইছে শব্দ প্ৰদূষণ৷ বিশেষকৈ যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে অধিক শব্দ প্ৰদূষণৰ সৃষ্টি হোৱাত অৰিহণা যোগাইছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ঔদ্যোগিক এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৭৫ ডেচিবল আৰু নিশাৰ ভাগত ৭০ ডেচিবলৰ ভিতৰত থাকিব লাগে৷ তেনেদৰে বাণিজ্যিক এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৬৫ ডেচিবল আৰু নিশাৰ ভাগত ৫৫ ডেচিবল, আৱাসিক এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৫৫ ডেচিবল আৰু নিশাৰ ভাগত ৪৫ ডেচিবল থকাৰ বিপৰীতে নীৰৱ এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৫০ ডেচিবল আৰু নিশাৰ ভাগত ৪০ ডেচিবলৰ ভিতৰত থাকিলে বিশেষ প্ৰদূষণৰ সৃষ্টি নহয়৷ কিন্তু ইয়াতকৈ শব্দৰ প্ৰাবল্য অধিক বৃদ্ধি পালে স্বাভাৱিক পৰিৱেশত ব্যাপক প্ৰভাৱ পৰে৷ কিন্তু মহানগৰৰ অধিকাংশ অঞ্চলতে এতিয়া শব্দৰ প্ৰাবল্য অধিক বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চলোৱা কেইবাটাও সমীক্ষাত এই কথা পোহৰলৈ আহিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰত প্ৰতিবছৰে যান-বাহনৰ সংখ্যা অধিক বৃদ্ধি পাইছে৷ মহানগৰত দৈনিক সংঘটিত হোৱা যান-জঁটে এই কথা স্পষ্ট কৰিছে৷ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰতিবছৰে মহানগৰত বিভিন্ন ধৰণৰ যান-বাহনৰ পঞ্জীয়নৰ সংখ্যা অধিক বৃদ্ধি পাইছে৷  ইফালে পথত একাংশ বাহনৰ চালকে বিনা কাৰণত বজোৱা উচ্চ প্ৰাবল্যৰ হৰ্নেও শব্দ প্ৰদূষণ সৃষ্টিৰ ক্ষেত্ৰত অধিক অৰিহণা যোগাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here