আশ্চৰ্য! বৃদ্ধি পাইছে পৃথিৱীৰ গতি

0
209

আটাইতকৈ চুটি দিন হিচাপে ২৯ জুলাইত পৃথিৱীয়ে ইয়াৰ অভিলেখ ভংগ কৰিলে৷ পৃথিৱীয়ে ২৪ ঘণ্টাত নিজৰ অক্ষত এপাক মাৰে৷ কিন্তু ২৯ জুলাইত ২৪ ঘণ্টাতকৈ ১.৫৯ মিলি ছেকেণ্ড কম সময়ত ঘূৰ্ণন [ৰটেশ্যন] সম্পূৰ্ণ কৰে৷ ইণ্ডিপেণ্ডেণ্ট নামৰ কাকতখনৰ মতে, পৃথিৱীৰ গতি কিছুদিনৰ পৰা বৃদ্ধি পাইছে৷ ১৯৬০ৰ দশকৰ পৰা ২০২০ চনত পৃথিৱীৰ এটা মাহ আটাইতকৈ চুটি আছিল৷ ২০২০ চনৰ জুলাই মাহ আছিল সৰ্বকালৰ আটাইতকৈ চুটি মাহ৷ সেই মাহটো গতানুগতিক ২৪ ঘণ্টীয়া দিনতকৈ ১.৪৭ মিলি ছেকেণ্ড কম আছিল৷ ২০২১ চনতো পৃথিৱীৰ গতি বাঢ়িছিল৷ কিন্তু কোনো অভিলেখ ভংগ হোৱা নাছিল৷ পৃথিৱীৰ গতি [স্পিন] বঢ়াৰ কাৰণ জানিব পৰা হোৱা নাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here