আশ্চৰ্য ! বন্ধাকবিৰ পাতে গাঁঠিৰ বিষ উপশম কৰিব পাৰে || Strange! Cabbage can ameliorate joint pain

0
743
আপোনাৰ গাঁঠিৰ বিষ আছে নেকি? অথবা গাঁঠিৰ বিষে আপোনাক অসহ্য যন্ত্ৰণা খুৱাইছে নেকি? বন্ধাকবিৰ পাতে গাঁঠিৰ বিষ নিৰাময় কৰিব পাৰে৷ গাঁঠিৰ বিষৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে কেঁচা বন্ধাকবিৰ পাত৷ বহু বছৰ আগৰ পৰা ভৰিৰ গাঁঠিৰ বিষৰ প্ৰতিকাৰ হিচাপে বন্ধাকবিৰ পাত ব্যৱহাৰ হৈ আহিছে৷ বন্ধাকবিত মূলতঃ ভিটামিন আৰু ফাইটোনিউট্ৰিয়েণ্টৰ লগতে এন্থোছাইনিন আৰু গ্লুটামাইন প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এই উপাদানবোৰ প্ৰদাহ প্ৰতিৰোধী গুণেৰে সমৃদ্ধ হোৱা হেতু বিষ নিৰাময় কৰিব পাৰে৷
The Best Ways To Use Your Outer Cabbage Leaves

ইয়াৰ বাবে বন্ধাকবিৰ কেঁচা পাত কেইখিলামান লৈ অভেনত গৰম কৰক৷ সহ্য কৰিব পৰাকৈ গৰম হোৱা বন্ধাকবিৰ পাতবোৰ বিষ হোৱা ভৰিৰ গাঁঠিৰ চাৰিওফালে স্তৰ কৰি মেৰিয়াই দিয়ক৷ যেতিয়ালৈকে এই পাতবোৰ সম্পূৰ্ণৰূপে আবদ্ধ নহয়৷ বেণ্ডেজেৰে মেৰিয়াই পাতবোৰ ঠাইতে ধৰি ৰাখক আৰু উষ্ণতা ধৰি ৰাখিবলৈ গোটেই পাতটো প্লাষ্টিকৰ এলুমিনিয়াম ফইলেৰে ঢাকি দিয়ক৷ এইদৰে কমেও এঘণ্টামান সময় ৰাখি পাছত গুচাই দিব পাৰে৷ এইদৰে কমেও এসপ্তাহমান কৰিলে গাঁঠিৰ বিষৰ পৰা উপশম পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here